
নিউজ ডেস্ক:
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ নীতি নিৰ্দেশনা মতে প্রথমমান শ্রেণীৰ পৰা দ্বাদশমান শ্রেণীলৈ বিদ্যালয় শিক্ষা।বিদ্যালয়ৰ শ্রেণীসমূহ মহাবিদ্যালয়ত থাকিব নোৱাৰে।উচ্চ শিক্ষা প্ৰতিষ্ঠানত কেৱল স্নাতক-স্নাতকোত্তৰ পাঠ্যক্ৰম থাকিব।ৰাজ্যিক কেবিনেটেত সিদ্ধান্ত গ্ৰহণ ৷২০২৩চনৰ ভিতৰত মহাবিদ্যালয়সমূহৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীটো উঠাই দিয়া হ’ব।তাৰ বাবে বিদ্যালয় সমূহক উন্নীতকৰণ কৰা হ’ব।ৰাজ্যৰ ১০০০খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হ’ব- এই কথা জনাইছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।ইতিমধ্যে আৰম্ভ হৈছে বিদ্যালয়সমূহৰ আন্তগাঁথনিসমূহ পৰ্যবেক্ষণ কৰা।২০২২-২৩ বৰ্ষত সমাপন হ’ব সকলো প্ৰক্ৰিয়া লগতে তেওঁ কয়।২০২১চনত ২১৫খন বিদ্যালয়ক শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিছে।বাকী বিদ্যালয়সমূহৰ বাছনি এই বৰ্ষত সম্পন্ন কৰা হ’ব।
আনহাতে বিদ্যালয় শিক্ষা দ্বাদশ শ্রেণীলৈ হোৱাৰ লগে লগে ছেবা -উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ একেলগ হ’ব।নতুন শিক্ষা নীতি মৰ্মে বৰ্ডৰ পৰীক্ষা নৱম শ্রেণীৰ পৰা অনুষ্ঠিত হ’ব।দশম শ্রেণীৰ পৰীক্ষা বিলুপ্ত নহয় কিন্তু বৰ্তমানৰ দৰে গুৰুত্ব নাথাকিব।দ্বাদশ শ্ৰেণীৰ পৰীক্ষা গুৰুত্বপূৰ্ণ হ’ব- পেগুৱে কয়।
উল্লেখ্য যে ইতিমধ্যে ৰাজ্যিক কেবিনেটে ২০২৩চনৰ ভিতৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰাৰ লক্ষ্য বান্ধি লৈছে।
- Log in to post comments
- 16 views