
নিউজ ডেস্ক:
"অসম আৰক্ষীয়ে বিভিন্ন অপাৰেচন কৰে কিন্তু এনেকৈ গুপ্তচৰ নিয়োগ কৰা ইতিহাসত নাই।আলফাৰ সংগ্ৰামত কিমান নিৰীহৰ প্ৰাণহানি হ’ল।আলফা বা অন্য উগ্ৰপন্থী সংগঠনে পিতৃ মাতৃক হত্যা কৰা ১২০০ সন্তানক অসম আৰক্ষীয়ে পঢ়াই আছো"- মন্তৱ্য অসম আৰক্ষী প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।আলফা(স্বা)য়ে মৃত্যুদণ্ড দিয়া যুৱক দুজনৰ পৰিয়ালবোৰ দেখি দুখ লাগিছে।আলফা এটা আভ্যন্তৰীণ বিষয় আৰু কাৰোবাৰ পৰা কিবা উলিয়াই লোৱাটো কোনো টান কাম নহয়- আলফাই আৰক্ষীৰ গুপ্তচৰৰ অভিযোগত মৃত্যুদণ্ড দিয়া দুই যুৱকৰ প্ৰসংগত এইদৰে কয় মহন্তই।
"অসম আৰক্ষীয়ে গুপ্তচৰ নিয়োগ নকৰে।আজিলৈ এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে নেকি!সেই কথাই প্ৰতিপন্ন কৰে মৃত্যুদণ্ড আলফা(স্বা)ৰ আভ্যন্তৰীণ বিষয় ৷ ইয়াৰ লগত অসম আৰক্ষীৰ কোনো সম্পৰ্ক নাই"- ডি জি পি মহন্তই কয়।
অসমৰ ৰাইজে হত্যা-হিংসা নিবিচাৰে।শান্তিৰ অসমখন বিচাৰে বুলি উল্লেখ কৰি মহন্তই আলফা(স্বা)ৰ নেতৃত্বক আহ্বান জনাই কয়- আভ্যন্তৰীণ বিষয়ৰ গইনা লৈ কাৰোবাক হত্যা কৰাটো ঘৃণনীয় কথা।সাহসী মানুহে এনে কাম নকৰে।
আলফাৰ ভিতৰত থকা বহুতো যুৱকক তথাকথিত মৃত্যু দণ্ড দিছে, কিন্তু সেইবোৰ তথ্য প্ৰকাশ নকৰে।আলফাত যোৱাটো কোনো ভাল কথা নহয়।কাৰণ এনে পৰিণতি খুৱেই স্বাভাৱিক।নৱপ্ৰজন্মৰ যুৱক-যুৱতীক আহ্বানেৰে এইদৰে কয় মহন্তই।
অসমৰ সাম্প্ৰতিক চৰকাৰে আলোচনা বাবে সদিচ্ছা দেখুৱাইছে আৰু পৰেশ বৰুৱায়ো সঁহাৰি জনাইছে।তেনে সময়ত অসম আৰক্ষীয়ে এনেকুৱা কাম এটা কৰিব নেকি!এতিয়া শান্তি আলোচনা পৰিৱেশ গঠনৰ সময়।পৰিৱেশ গঠনৰ প্ৰক্ৰিয়াটো অসম আৰক্ষীয়ে আগহে বঢ়াব।গুপ্তচৰ নিয়োগ কৰি বন্ধ কৰিবলৈ কিয় চেষ্টা কৰিব- ডিজিপি মহন্তই কয়।
- Log in to post comments
- 15 views