
নিউজ ডেস্ক:
দুদিনীয়া ভ্ৰমণসূচীৰে আজি নিশা গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ।গৃহমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটী মহানগৰীত ৯-১০মে'ত যান-বাহন চলাচলত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে।
সেই মৰ্মে ৯মে'ৰ পুৱা ৪বজাৰ পৰা নিশা ৯ বজালৈ আৰু ১০মে'ৰ পুৱা ৪বজাৰ পৰা নিশা ১০বজালৈ গুৱাহাটী মহানগৰৰ অন্তৰ্গত ২৭নং আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি চকাযুক্ত বা ততোধিক চকাযুক্ত বাণিজ্যিক বাহন সমূহ চলাচল কৰিব নোৱাৰিব।
আনহাতে ৯মে' ৰ আবেলি ৪বজাৰ পৰা নিশা ৯বজালৈ সকলোধৰণৰ বাণিজ্যিক বাহন ডি জি ৰোড, এ টি ৰোড, এম জি ৰোড, কে এল বি ৰোড, তইবুল্লাহ ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড আৰু জি এছ ৰোডত চলাচল কৰিব নোৱাৰিব।
ইপিনে ১০মে'ৰ পুৱা ৮বজাৰ পৰা দিনৰ ২বজালৈ সকলো ধৰণৰ লঘু, মধ্যম আৰু গধুৰ বাণিজ্যিক যান-বাহনসমূহ বি বৰুৱা ৰোড, বি কে কাকতি ৰোড, জি এন বি ৰোডত চলাচল কৰিব নোৱাৰিব।
একেদৰে ১০মে'ৰ পুৱা ৭বজাৰ পৰা ৰাতি ৯বজালৈ লঘু, মধ্যম আৰু গধুৰসকলো ধৰণৰ বাণিজ্যক বাহন জি এছ ৰোড আৰু পাঞ্জাৱাৰী ৰোডত চলাচল বন্ধ থাকিব।দেওবাৰে পানবজাৰ যান-বাহন শাখা মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি যান বাহন শাখা উপ-আৰক্ষী আয়ুক্তই এই কথা জনায় ৷
উল্লেখ্য যে আজি নিশা ১০বজাত গুৱাহাটীত উপস্থিত হ’ব গৃহমন্ত্ৰী অমৃত শ্বাহ।সোমবাৰে জি এম চি এইচৰ চুপাৰ স্পেচিয়েলিটি হাস্পতাল মুকলি কৰিব।ইফালে মঙলবাৰে অসম আৰক্ষীক ৰাষ্ট্ৰপতি নিচান প্ৰদান কৰিব নেহেৰু ষ্টেডিয়ামত।পাছবেলা হিমন্ত চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিব।তাৰ পৰা গুৱাহাটী শংকৰদেৱৰ কলাক্ষেত্ৰত এক অনুষ্ঠানত অংশ লব।
- Log in to post comments
- 20 views