
নিউজ ডেস্ক:
হিমন্ত নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত বিগত এবছৰত ৰাজ্যৰ অৰ্থনীতি বিধ্বস্ত হৈছে।হিমন্ত চৰকাৰৰ প্ৰথমবৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত শনিবাৰে এই মন্তব্য তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ।গুৱাহাটীৰ গৌৰী সদনত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ বিধ্বস্ত অৰ্থনীতিৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে বৰাই।১০মে'ত হিমন্ত চৰকাৰে দায়িত্ব লোৱা এটা এবছৰ হ'ব।চৰকাৰৰ অদক্ষতা, ভুল অর্থনৈতিক পৰিকল্পনাৰ ফলত চৰকাৰে নিজা উদ্যোগত ৰাজহ আহৰণত ব্যৰ্থ হৈছে।কেন্দ্ৰীয় চৰকাৰৰ পুঁজি-অনুদানৰ ওপৰত নিৰ্ভৰশীল হৈ লগতে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে পাবলগীয়া পুঁজি মোকলাই আনিব নোৱাৰাত ৰাজ্যখন চলাবৰ বাবে যধে মধে বিভিন্ন সংস্থাৰ পৰা ঋণ লব ধৰিছে।পূৰ্বৰ তৰুণ গগৈ চৰকাৰে ২০১৬ চনত প্ৰায় ৩৫,০০কোটি টকা ঋণ এৰি যোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৫ বছৰীয়া কাৰ্যকাল আৰু মুখ্যমন্ত্ৰী হিমন্তৰ এবছৰীয়া কার্যকালত এই ঋণৰ পৰিমাণ ১লাখ ৮হাজাৰ কোটি টকালৈ বৃদ্ধি পালে৷কিছুদিন পূৰ্বে ১৬হাজাৰ কোটি টকা ঋণ লবলৈ কেবিনেটে অনুমোদন জনাইছে।১৬হাজাৰ কোটি টকা ঋণ ললে ২০২২-২৩বিত্তীয় বৰ্ষত চৰকাৰৰ মুঠ ঋণ হ'বগৈ ১লাখ ২৪হাজাৰ কোটি টকা বুলি তথ্য প্ৰদান কৰি বৰাই কয়-হিমন্ত চৰকাৰে অসমৰ প্ৰতিজন মানুহক জনমূৰি ঋণবোজা ৩৭হাজাৰ ১৫টকাকৈ জাপি দিছে।ভাৰতৰ পাঁচখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক এখন কৰিম বুলি কোৱা মুখ্যমন্ত্ৰীয়ে এবছৰীয়া শাসনতে জন্ম হোৱা প্ৰতিটো শিশুৰ ওপৰত জাপি দিছে এই ঋণৰ বোজা।
মুখ্যমন্ত্রী হিমন্ত আৰু বিজেপিয়ে কৈ থকা সাফল্যৰ জয় ঢোল ঋণৰ বোজা এক নমুনা।ৰাজ্যৰ বিধস্ত অর্থনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন বিভাগত ঠিকাদাৰক প্ৰায় ১৭ হাজাৰ কোটি টকা চৰকাৰে পৰিশোধ কৰিব বাকী আছে।ফলত ঠিকাদাৰসকলে নতুন কাম কৰাত অপাৰগতা প্ৰকাশ কৰিছে।অনাগত দিনত যে অসমৰ উন্নয়নত বাধাগ্রস্ত হ’ব সেইয়া নিশ্চিত।নিৰ্বাচনৰ সময়ত ৫বছৰত অসমক বানপানী মুক্ত কৰা হ’ব বুলি কয়।কিন্তু যোৱা এবছৰে অসমক বানপানী মুক্ত কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে বুলি প্ৰশ্ন কৰে বৰাই!বান ব্যৱস্থাপনা আঁচনিৰ বাবদ অসমে কেন্দ্ৰৰ পৰা পাবলগা ২৪০০কোটি টকা মোকলাই অনাত ব্যৰ্থ হৈছে।একেদৰে ২০১৪ চনৰ পৰা আজি পর্যন্ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ ৮বছৰীয়া কাৰ্যকালত এনডিআৰএফ শিতানৰ অনুদান সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।অসমক বিশেষ ৰাজ্যৰ মৰ্য্যদা মোডী চৰকাৰে বন্ধ কৰা ফলত অসমে প্ৰতিবছৰে প্ৰায় ৯হাজাৰ কোটি টকা কেন্দ্রীয় সাহায্যৰ পৰা বঞ্চিত হৈছে- বৰাই লগতে কয়।
যোৱা বছৰটোত অসমৰ জিডিপি সৰ্বকালৰ ভিতৰত নিম্ন আছিল।আন ৰাজ্য তুলনাত জনমুৰি আয়ৰ ক্ষেত্ৰত অসমৰ স্থান একেবাৰে শেষত।পৰিসংখ্যা মন্ত্ৰালয় তথ্য মতে ২০২১-২২চনত অসমৰ জনমুৰি আয় ১,০৫,৪৫৪ টকা যদিও এই সংখ্যা ভাৰতৰ সকলো ৰাজ্যৰ তুলনাত অসমৰ আটাইতকৈ কম।আনকি কাষৰীয়া এখন সৰু ৰাজ্য ত্ৰিপুৰাৰ জনমুৰি আয় ১,৪৬,৯১৮টকা।এইধৰণৰ সফলতাৰ কথা কবলৈকে চৰকাৰে বর্ষপূর্তি পাতিছে বুলি কটাক্ষ কৰি বৰাই কয়-হিমন্ত চৰকাৰে বৰ্তমানৰ সংকটজনক বিত্তীয় পৰিস্থিতিৰ ওপৰত এক শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে।
- Log in to post comments
- 12 views