অসম চৰকাৰৰ আজৱ কাণ্ড; স্বাস্থ্য বিভাগৰ নিযুক্তি পৰীক্ষাৰ দিন ঘোষণাৰ এদিন পাছতে স্থগিত ঘোষণা

A

B

নিউজ ডেস্ক:

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড।পৰীক্ষাৰ দিন ঘোষণাৰ এদিন পাছতে পুনৰ স্থগিত ঘোষণা।অহা ১৫মে'ত অনুষ্ঠিত হ’ব লগা স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ টেকনিকেল-ননটেকনিকেল পদৰ নিযুক্তিৰ লিখিত পৰীক্ষা অনিৰ্দিষ্টকাললৈ স্থগিত ঘোষণা।উল্লেখ্য যে শনিবাৰে বিভাগে এক জাননীৰ জৰিয়তে পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰে।গুৰুত্বপূৰ্ণ কথা এই যে ,স্বাস্থ্য বিভাগৰ প্ৰায় চাৰি হাজাৰৰো অধিক পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।সোমবাৰে(৯মে') পৰা পৰীক্ষাৰ এডমিত কাৰ্ড প্ৰদান কৰিব বুলিও দুদিন পূৰ্বে ঘোষণা কৰিছিল বিভাগে।কিন্তু শেষ মুহূৰ্তত কাৰিকৰী অসুবিধাৰ বাবে পৰীক্ষা স্থগিত ৰখা বুলি ঘোষণা জাৰি কৰে।

Your Comments