
নিউজ ডেস্ক:
আৰক্ষীৰ গুপ্তচৰ হৈ সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা (স্বা)ত যোগদান কৰাৰ অপৰাধত দুই আলফাক মৃত্যুদণ্ড দিয়া ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যত।চোৰাংচোৱাৰ অভিযোগত সঞ্জীৱ শৰ্মাক আৰু ধনজিৎ দাস ওৰফে ৰূপক অসমক শনিবাৰে পুৱা ৮বজাত আলফাৰ অজ্ঞাত শিবিৰত মৃত্যুদণ্ড বিহাৰ কথা ঘোষণাৰ পাছতে একপ্ৰকাৰে দুয়োজন যুৱকৰ ঘৰত সৃষ্টি হৈছে শোকাকুল পৰিৱেশ।আলফাৰ এই চৰম সিদ্ধান্তৰ খবৰে হাহাকাৰ লগাইছে সঞ্জীৱ আৰু ধনজিতৰ পৰিয়ালত।
সঞ্জীৱ শৰ্মাক আলফা(স্বা)ই মৃত্যুদণ্ড দিয়া খবৰ লাভ কৰা মাত্ৰকে হুকহুকাই কান্দি কান্দি মাতৃয়ে কয়- “আলফাই মোৰ ল’ৰাটো মাৰি পেলালে।মোৰ ল’ৰাটোক মাৰি পেলাব নালাগিছিল।আপোনালোকে কিয় এনে সিদ্ধান্ত ল’লে।পিতাকে বহুত কষ্ট কৰি ল’ৰাটো ডাঙৰ কৰিছিল।কিন্তু নুবুজা কাৰণে ঘৰখনৰ পৰা সি ওলাই গ’ল।আপোনালোকে ইমান ভুল কৰিব নালাগিছিল। অন্ততঃ কেইটামান দিন ৰাখিব লাগিছিল।দেউতাকে বাহিৰলৈ ওলাই গৈছে হাজিৰা কৰিবলৈ।দেউতাকে গম পালে কি অৱস্থা হ’ব।আহিনত তাৰ জন্মদিন আছিল।
আলফা(স্বা)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাক বাৰে বাৰে অনুৰোধ কৰিছিলো কিন্তু বুজিবলৈ চেষ্টা নকৰিলে”- মাতৃয়ে কয়।
আনহাতে পুত্ৰৰ মৃত্যুদণ্ডৰ খবৰ লাভ কৰি সঞ্জীৱৰ পিতৃয়ে আবেগিক হৈ কয়-“পৰেশ বৰুৱা ভগৱান নহয়।মোৰ পুত্ৰৰ মৃত্যুদণ্ডৰ বাবে পৰেশ বৰুৱাক অভিশাপ দিছো।তেওঁৰো এদিন এনেকৈ ল’ৰা মৰিব।পেটৰ ভোকৰ বাবেহে গৈছিল আলফা (স্বাঃ)লৈ।”
উল্লেখ্য যে অসম আৰক্ষীৰ বিষয়া পাৰ্থ সাৰথি মহন্তৰ লগতে একাংশ সেনা বিষয়াই আলফা(স্বা)লৈ গুপ্তচৰ হিচাপে সঞ্জীৱক পঠাইছিল বুলি ইতিমধ্যে ভিডিঅ’ৰ জৰিয়তে প্ৰকাশ কৰিছে।
- Log in to post comments
- 10 views