
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ বিলাসী বাৰত চাৰি যুৱকৰ উদ্ভণ্ডালি ।আভিজাত্য পৰিয়ালৰ উদণ্ড চাৰি যুৱকে ডাউনটাউনস্থিত 'Nuts and braw' নামৰ বাৰখনৰ ভিতৰত সুৰাসক্ত হৈ উদ্ভণ্ডালি কৰে।উল্লেখ্য যে ,বাৰৰ কৰ্তৃপক্ষই নিয়ন্ত্ৰণ কৰিব নোৱাৰি খবৰ দিয়ে দিছপুৰ আৰক্ষীক।কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত দলটোক আটক কৰি দিছপুৰ থানালৈ অনা হয়।
আৰক্ষীয়ে আটক কৰা সময়ত সুৰাসক্ত অৱস্থাত আছিল যুৱককেইজন।আটকাধীন যুৱক কেইজন হৈছে জনক কুমাৰ পাঠক(কাহিলীপাৰা), আচিক ৰহমান(ডাউন টাউন), কৃষানু ভৰদ্বাজ (অম্বিকাগিৰি নগৰ) আৰু বিশ্বজিৎ দলে(কাহিলীপাৰা)।
গুৰুত্বপূৰ্ণ কথা এই যে ,নিশা দিছপুৰ থানাত ৰখা হয় ধৃত যুৱক কেইজনক।উদণ্ড যুৱক কেইজনে আৰক্ষীকো ভাবুকি প্ৰদান কৰে।
আনহাতে ঘটনা সন্দৰ্ভত বৰ্তমানলৈ মুখ খোলা নাই বাৰ কতৃপক্ষই।নিশা আঢ়ৈ বজালৈ বাৰখন খুলি ৰখা গুৰুতৰ অভিযোগ উথ্থাপন হয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ।ঘটনা সংঘটিত হোৱাৰ পাছত সাংবাদিক যোৱাত ততাতৈয়াকৈ বন্ধ কৰে বাৰখন।
- Log in to post comments
- 9 views