
নিউজ ডেস্ক:
আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱাল ২৯মে’ত অসমলৈ অহাৰ কথা ৰাজ্যৰ বহুকেইটা সংবাদ মাধ্যমে ইতিমধ্যে প্রকাশ কৰিছে ৷ উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ পৌৰসভা আৰু পৌৰ নিগমৰ নির্বাচনত জনতাৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে দলটোৱে।
আনহাতে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল, সংগঠনৰ পৰা বহুতো নেতা ইতিমধ্যে আপত যোগদান কৰিছে।একাংশ নেতাই যোগদানৰ বাবে দলটোৰ সৈতে সঘন যোগাযোগ কৰি আছে।
ইফালে আপৰ নেতা কেজৰীৱালে গুৱাহাটীত এক ৰোড শ্ব' কৰিব বুলি সংবাদ মাধ্যমসমূহে উল্লেখ কৰিছে যদিও এই প্ৰসংগত ৰাজ্যিক আপ নেতৃত্বই বর্তমানলৈ কোনো মতামত প্ৰকাশ কৰা নাই।
- Log in to post comments
- 13 views