আৰক্ষীৰ গুপ্তচৰৰ অভিযোগত দুই আলফা সদস্যক মৃত্যুদণ্ড আলফা(স্বা)ৰ

A

নিউজ ডেস্ক:

আলফা(স্বা)ৰ দুই সদস্যক মৃত্যুদণ্ড।চোৰাংচোৱা আৰু সতীৰ্থক আত্মসমৰ্পণৰ ষড়যন্ত্ৰমূলক প্ৰচেষ্টা চলোৱাৰ গুৰুতৰ অপৰাধত সশস্ত্ৰ সংগঠনটোৱে মৃত্যুদণ্ড দিয়ে সঞ্জীৱ শৰ্মা ওৰফে ঋষভ অসম, ধনজিৎ দাস ওৰফে ৰূপক অসমক।উল্লেখ্য যে কিছুদিন পূৰ্বে অসম আৰক্ষীৰ শীর্ষ বিষয়া পাৰ্থ সাৰথি মহন্তই আলফা(স্বা)লৈ সঞ্জীৱ শৰ্মাক গুপ্তচৰ হিচাপে প্ৰেৰণ কৰা বুলি ভিডিঅ’ যোগে স্বীকাৰ কৰিছিল সঞ্জীৱ শৰ্মাই ।আৰক্ষী বিষয়া গৰাকীৰ উপৰিও সেনা বিষয়া আৰু বহুকেইজন ব্যক্তিৰ নাম লৈছিল তেওঁ।
গুৰুত্বপূৰ্ণ কথা এই যে ,সঞ্জীৱ শৰ্মাৰ ঘৰ আছিল বাইহাটা চাৰিআলিৰ মুক্তাপুৰত।একাংশ পুলিচ বিষয়াৰ নির্দেশত ধনৰ লালসাত সংগঠনত যোগদানে সংগঠনৰ আভ্যন্তৰীন যোগাযোগ ব্যৱস্থা চিনাক্ত কৰি  অপৰাধ কৰা বুলি  আলফা(স্বা)ই সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তি যোগে  প্ৰকাশ কৰে।
আনহাতে মৃত্যুদণ্ডৰে দণ্ডিত ধনজিৎ দাসৰ ঘৰ বৰপেটা টাউনত।

Your Comments