
নিউজ ডেস্ক:
গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেছ মেৱানীক পুনৰ ৩মাহৰ বাবে কাৰাবন্দী কৰা হৈছে ৷২০১৭ চনৰ এক গোচৰত গুজৰাটৰ মেহছানা জিলাৰ ন্যায়িক দণ্ডাধীশ আদালতে ৩মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰে বিধায়ক গৰাকীক।উল্লেখ্য যে ২০১৭চনত অনুমতি অবিহনে ৰেলি উলিওৱাৰ বাবে এই শাস্তিৰ সন্মুখীন হৈছে বিধায়ক গৰাকী।তেওঁৰ লগতে এন চি পি নেতা ৰশ্মি পেটেল আৰু সুবোধ পাৰমাৰকো ৩মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে।গুৰুত্বপূৰ্ণ কথা এই যে ,দলিতসকলৰ স্বাৰ্থত 'আজাদী পদযাত্ৰা' নামেৰে এক প্ৰতিবাদী ৰেলি বাহিৰ কৰিছিল।
উল্লেখ্য যে কেইদিনমান পূৰ্বে অসমত বন্দী হৈ থকা নেতা গৰাকী মুকলি আকাশৰ তললৈ কেইদিনমান পূৰ্বেহে ওলাইছিল।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে টুইট কৰি কোকৰাঝাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিলমেৱানী ।পৰৱৰ্তী পৰ্যায়ত মহিলা আৰক্ষীক দু-ব্যৱহাৰ কৰাৰ দৰে গুৰুতৰ অভিযোগত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মেৱানীক।
- Log in to post comments
- 11 views