কা' কাৰ্যকৰী কৰা অমৃত শ্বাহৰ ঘোষণাক প্ৰত্যুত্তৰ ৰাইজৰ দল, AIUDF, আছু-Ajycpৰ

A

নিউজ ডেস্ক:
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে নাগৰিকত্ব সংশোধনী আইন-২০১৯শীঘ্ৰে সমগ্ৰ দেশতে কাৰ্যকৰি হ'ব বুলি বৃহস্পতিবাৰে পশ্চিমবংগত ঘোষণা কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে জাতীয় দল-সংগঠন, ৰাজনৈতিক বিৰোধী দলসমূহ।শ্বাহৰ ঘোষণাক উভতি ধৰিছে ৰাজ্যৰ কা' বিৰোধী জাতীয় সংগঠনসমূহে।
"অসমৰ কা’ আন্দোলনৰ পৰিৱেশ আৰু ভাৰতবর্ষৰ প্ৰেক্ষাপটত সম্পূৰ্ন পৃথক।ক'ৰনাৰ বাবে অসমত কা’ আন্দোলনৰ পৰিৱেশ স্তিমিত হৈছিল।পৰিৱেশ ভাল হোৱাত চৰকাৰে কা'ৰ জৰিয়তে যদি অবৈধ বিদেশীক অসমত সংস্থাপন দিয়ে তেন্তে আগৰ পৰিস্থিতি ঘূৰি আহিব।কোনো কাৰণত অবৈধ বিদেশীক অসমত স্থান দিয়া নহব।আছুৱে গাঁৱে-গাঁৱে ৰাইজক সজাগ কৰি কা’ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব' বুলি সদৌ অসম ছাত্ৰ সন্থাৰ  সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় ।
গৃহমন্ত্ৰী শ্বাহক উদেশ্য কৰি বৰুৱাই কয় যে “কা’ বিধি প্ৰস্তুত কৰোঁতে ভাৰতবৰ্ষৰ কোন ঠাইত কৰে আমাৰ কব লগা নাই কিন্তু অসমক কা'ৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগিব।অন্যথা অসমত হৈ যোৱা ভয়াৱহ পৰিস্থিতিৰ পুনৰ সন্মুখীন হবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সাজু থাকক।
আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়- আমি কা’ নামানো।অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিহে বিদেশীৰ সমস্যা সমাধান হ’ব লাগিব।পৰীক্ষা বা কোভিডৰ বাবে কা' বিৰোধী আন্দোলন কিছু স্তিমিত হৈছিল।আকৌ যদি বলপূৰ্বক ভাৱে জাপি দিবলৈ চেষ্টা কৰে তেন্তে আন্দোলন চলিব।
আনহাতে গৃহমন্ত্ৰী গৰাকীৰ মন্তৱ্যক বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চংমাই কয়- কা'ৰ পৰা অলপো পিছ হুঁহকি অহা নাই বা আহিব নোখোজো। অসমত কা' প্ৰযোজ্য হ’ব লাগে নে নাই সেয়া অসমৰ জনতাৰ পৰা গণভোট লব লাগে।গণভোটত জয়ী হলে আমি আন্দোলন নকৰো।
ইফালে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয়- কা' কাৰ্যকৰী কৰিলে আকৌ অসমৰ জনতা ৰাজপথলৈ ওলাব।যোৱাবাৰ কা' বিৰোধিতা কৰি বিজেপি চৰকাৰক গাদী চুট কৰিব বিচাৰিছিল কিন্তু কিবা-কিবিকে বুদ্ধি কৰিহে তেওঁলোক বাছি গ’ল।এইবাৰ আকৌ ৰাজপথলৈ ওলাব লগা হলে গৃহমন্ত্ৰী অমৃত শ্বাহে হিমন্ত বিশ্ব শৰ্মাক বচাব নোৱাৰিব।অসম চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ’ব।কা' কাৰ্যকৰী কৰা বাবে যাতে চেষ্টা কৰা নহয়  সেই বুলিও স্পষ্ট কৰি কয় অখিলে।
আনহাতে এআইইউডিএফ বিধায়ক ৰফিকুল ইছলামে গৃহমন্ত্ৰী গৰাকীৰ মন্তৱ্যক বিৰোধিতা কৰি কয়-কা' আইন অসাংবিধানিক ভাৱে বিজেপিয়ে পাছ কৰিছে।অসমৰ জাতীয় সংগঠনসমূহৰ প্ৰতিক্ৰিয়া জনতাই বিচাৰিছে।কা' কোনো কাৰণত কাৰ্যকৰী হোৱাটো নিবিচাৰো।জোৰ দাৰ ভাৱে ইয়াৰ বিৰোধিতা কৰি যোৱা হ’ব।অমৃত শ্বাহে গুজৰাট-উত্তৰ প্ৰদেশ যতে কাৰ্যকৰী কৰে কৰক কিন্তু অসমত নহব।৭১ৰ পিচৰ এজনো বিদেশীৰ বোজা অসম আৰু অসমীয়াই নলয় স্পষ্ট কৰি বিধায়ক ইছলামে কয় ।
উল্লেখ্য যে ,কা' গৃহীত কৰিও বৰ্তমানলৈ বিজেপিয়ে প্ৰস্তুত কৰিব পৰা নাই ৰোল।ন্যায়ালয়ত বর্তমানলৈ বহুবাৰ কা’ ৰোল প্ৰস্তুতৰ বাবে অতিৰিক্ত সময় বিচাৰি আৱেদন কৰিছে চৰকাৰে।

Your Comments