বিজেপিৰ লুণ্ঠনৰাজ; পুৱা মূল্যবৃদ্ধিয়ে গুড মৰ্ণিং জনায় জনতাক

A

নিউজ ডেস্ক:

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰি ৰিপুন বৰাই বুধবাৰে সম্বোধন কৰে গুৱাহাটীত প্ৰথমখন সংবাদমেল।দীঘলীপুখুৰীস্থিত গৌৰী সদনত সংবাদমেল সম্বোধন কৰি তৃণমূল কংগ্ৰেছৰ মূল উদেশ্য ব্যাখ্যা কৰে।'মা, মাটি আৰু মানুহ' এই বাণীৰেই অসমত  আগবাঢ়িব তৃণমূল কংগ্ৰেছ। 
আনহাতে সংবাদমেলত দেশত দেখা দিয়া অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হয় বৰা।বিজেপিৰ দিনত প্ৰতিটো সামগ্ৰীৰে ভয়ংকৰ ৰূপত মূল্যবৃদ্ধি হৈছে।বিজেপিয়ে জনতাৰ ওপৰত লুন্ঠন ৰাজ চলাইছে।একোটা দৰিদ্ৰ পৰিয়ালত শাক-পাচলিতে এমাহত খৰচ হয়  ৯হাজাৰ টকা,বাকী সামগ্ৰী আছেই।শেহতীয়া ভাৱে যোৱা ১৭মাহত ৰিজাৰ্ভ বেংকৰ তথ্য মতে দেশত খুচুৰা মূল্যবৃদ্ধি ৬.৯৫ শতাংশ হৈছে।যিয়ে নেকি ভাৰতবৰ্ষত অভিলেখ সৃষ্টি কৰিছে। স্বাধীনতাৰ পিছত ভাৰতত এইটোৱে সৰ্বাধিক মূল্যবৃদ্ধি- বৰাই কয়।

"মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে চৰকাৰে কিন্তু মানুহৰ ক্ৰয় ক্ষমতাৰো বৃদ্ধিৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই।ক্ৰয় ক্ষমতা হ্ৰাস পাইছে।২০২১ৰ পৰা ২০২২ ৰ ভিতৰত জনমূৰি আয় ভয়ংকৰভাৱে হ্ৰাস পাইছে।ন্যূনতম ৬০০০টকাকৈ উপাৰ্জন কমিছে দেশৰ প্ৰতিজন নাগৰিকৰ”- বৰাই লগতে কয়।

ইয়াৰ উপৰিও পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত বৰাই কয়-বিজেপি চৰকাৰৰ ৮বছৰত হ্ৰাস পোৱা নাই পেট্ৰ'ল-ডিজেলৰ মূল্য।যোৱা মাহত ১৮বাৰকৈ বৃদ্ধি হৈছে পেট্ৰ'ল- ডিজেলৰ মূল্য।চৰকাৰে অত্যাধিক টেক্স লগোৱা বাবেহে বৃদ্ধি পাইছে পেট্ৰ'ল -ডিজেলৰ মূল্য।প্ৰতিলিটাৰ পেট্ৰ'লত ১৮.৮০টকা, ডিজেলত ১৮.৩৪ টকা আবকাৰী কৰ লগাইছে চৰকাৰে।ইয়াৰ জৰিয়তে বিগত ৮বছৰত চৰকাৰে সংগ্ৰহ কৰিলে ২৭লাখ কোটি টকা।চলিত বছৰত চৰকাৰে পেট্ৰ'লৰ পৰা ২০হাজাৰ, ডিজেলৰ পৰা ৫২হাজাৰ কোটি টকা অতিৰিক্তভাৱে কৰ সংগ্ৰহ কৰিব বিচাৰিছে।

ইফালে ২০২২চনৰ বাজেটত জনতাৰ ওপৰত ১লাখ ২৫হাজাৰ কোটি টকা অতিৰিক্ত কৰৰ বোজা লগাই দিছে চৰকাৰে।
আনহাতে কৃষকৰ আন্দোলনৰ প্ৰতিশোধ হিচাপে ডি এ পি সাৰ প্ৰতিবেগত ১৫০টকা বৃদ্ধি কৰিলে চৰকাৰে। ইয়াৰ জৰিয়তে কৃষকৰ পৰা সংগ্ৰহ কৰিছে ৩৬কোটি টকা।দেশত ৬২কোটি কৃষক আছে।
একেদৰে ৰাষ্ট্ৰীয় ঘাইপথত টোল টেক্স অত্যাধিক হাৰত লৈ থকাটোত সন্তুষ্ট হোৱা নাই চৰকাৰ।চলিত বর্ষত টেক্স পুনৰ ১৮শতাংশ বৃদ্ধি কৰিলে।
জনতাক মাধমাৰ সোধাই ৮০০বিধ ঔষধৰ দাম বৃদ্ধি কৰিছে। ১১ শতাংশকৈ দাম বৃদ্ধিৰে ১১হাজাৰ কোটি টকা সংগ্ৰহৰ লক্ষ্য চৰকাৰৰ।
চৰকাৰৰ জনবিৰোধী সিদ্ধান্তক কটাক্ষ কৰি তেওঁ কয় "বিজেপিয়ে ভাৰতৰ জনতাক নিতৌ মূল্যবৃদ্ধিৰে গুড মৰ্ণিং দিয়ে"।

Your Comments