
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত মৰ্মান্তিক ঘটনা।জীৱন সংগ্রামত ব্ৰতী থকা এগৰাকী যুৱকৰ কৰুণ মৃত্যু।কৰ্তব্যৰত হৈ থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে অনলাইন (চুইগীত) খাদ্য-সামগ্ৰী যোগানধাৰী এগৰাকী যুৱকে।গণেশগুৰি হেঙেৰাবাৰী পথত মঙলবাৰে সংঘটিত হয় মৰ্মান্তিক ঘটনাটো।খাদ্য যোগান ধৰা যুৱকজন পথৰ কাষৰ এখন দোকানৰ সন্মুখতে জিৰণি লৈ থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লয়।ভাগৰত যুৱকজন বহি থকা বুলি ভাবিছিল প্ৰত্যক্ষদৰ্শীয়ে।কিন্তু দীৰ্ঘসময় ধৰি এই যুৱকজন একেদৰে থকা দেখি বুধবাৰে পুৱা স্থানীয় লোকে প্রত্যক্ষ কৰি মৃত অৱস্থাত উদ্ধাৰ কৰে।উল্লেখ্য যে মৃত দুৰ্ভগীয়া যুৱকজন দীপাংকৰ বৰা।দুৰ্ভগীয়া দীপাংকৰৰ ঘৰ মাণিকনগৰত।
আনহাতে স্থানীয় প্রত্যক্ষদর্শীয়ে যুৱকজনক পৰি থকাৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ আনিছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে।
গুৰুত্বপূৰ্ণ কথা এই যে প্ৰাথমিক পৰ্যায়ত যুৱকজনৰ মৃত্যু স্বাভাৱিক বুলি সন্দেহ কৰা হৈছে।আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত তথ্য।
- Log in to post comments
- 14 views