
নিউজ ডেস্ক:
তামুলপুৰ গৌজন ফৌথাৰত অনুষ্ঠিত ৬১সংখ্যক বড়ো সাহিত্য সভাৰ আজি অন্তিম দিন।অন্তিম দিনাখন সাহিত্য সভাত উপস্থিত থাকে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।মুকলি অধিৱেশনত মুখ্য অতিথিৰূপে ৰাষ্ট্ৰপতি গৰাকীয়ে অংশগ্ৰহণ কৰে।ৰাষ্ট্ৰপতিৰ সৈতে ৰাজ্যপাল জগদীশ মুখী ,মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।
আনহাতে বড়ো সাহিত্য সভাৰ মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই বহুকেইটা বৃহৎ সিদ্ধান্ত ঘোষণা কৰে ।একাদশ-দ্বাদশ শ্রেণীত বড়ো মাধ্যম প্ৰৱৰ্তন হ’ব।নিৰ্বাচিত বিদ্যালয়ত পৰ্যায়ক্ৰমে একাদশ-দ্বাদশ শ্রেণীত বড়ো ভাষা প্ৰৱৰ্তন কৰাৰ লগে লগে স্নাতক-স্নাতকোত্তৰ পৰ্যায়লৈও বড়ো ভাষাক লৈ যোৱা পথ মুকলি হ’ব-শৰ্মাই কয়।
উল্লেখ্য যে ,তামুলপুৰত অনুষ্ঠিত ৬১সংখ্যক বড়ো সাহিত্য সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি বড়ো সাহিত্য সভাৰ বাবে ৫কোটি টকাৰ অনুদান।বড়ো সাহিত্য সভাৰ প্ৰতিখন জিলাৰ শাখালৈ কাৰ্যালয় নিৰ্মাণৰ বাবে ৫০লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ’ব বুলিও ঘোষণা কৰে।তিনিবছৰত কাৰ্যালয় নিৰ্মাণ সম্পূৰ্ণ হোৱাকৈ এই বৰঙণি আগবঢ়াব।
আনহাতে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপস্থিত থকা মুকলি সভাতে মুখ্যমন্ত্ৰীয়ে জানিব দিয়ে যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে নিৰ্মাণ হ’ব এলিভেটেড কৰিড’ৰ।ৰাষ্ট্ৰপতিৰ অনুৰোধত কেন্দ্ৰীয় পথ-পৰিবহণ বিভাগে ২২ কিঃমিঃৰ কৰিড’ৰ স্থাপন কৰিব।তাৰ বাবে ৰাষ্ট্ৰপতিক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰীয়ে।
- Log in to post comments
- 21 views