
নিউজ ডেস্ক:
সদ্য ঘোষিত ২০২২ বৰ্ষৰ বানিজ্য শাখাৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত গুৱাহাটী কমাৰ্চ কলেজৰ পৰা অসমৰ ভিতৰত দ্বাদশ স্থান দখল কৰি ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে কলাই গাঁৱৰ নিকিতা আগৰৱালাই। উল্লেখ্য যে কলাই গাঁও ব্ৰাইট লাইফ ইংৰাজী হাইস্কুলৰ পৰা শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা নিকিতা আগৰৱালা প্ৰদীপ আগৰৱালা আৰু অনিতা আগৰৱালাৰ দ্বিতীয় সন্তান। নিকিতাৰ এই সফলতাত কলাই গাঁও বাসী ৰাইজেও শুভেচ্ছা জ্ঞাপন কৰিছে ।
- Log in to post comments
- 22 views