
নিউজ ডেস্ক:
আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ । বিশ্বৰ সৰ্বত্ৰে পালন কৰা হৈছে এই ঈদ-উল-ফিটৰ।। হোজাইটো বিভিন্ন ঠাইত উদযাপন কৰা হৈছে ঈদ । ঈদ উপলক্ষে হোজাই জিলাৰ বিভিন্ন ঈদগাৰ ময়দানৰ লগতে হোজাই টাউন ঈদগাহ ময়দান আৰু লংকাৰ ইছলাম বস্তিৰ ঈদগাহ ময়দানত সমূহীয়াভাৱে আয়োজন কৰা হয় ঈদৰ নামাজ। দুয়োটা ঈদগাহ ময়দানত সমূহীয়া ভাবে হোৱা নামজত প্ৰায় ৫-৬ হাজাৰোধিক লোকে অংশ গ্ৰহণ কৰে ।পৰিয়াল, ৰাইজৰ সুখ শান্তি আৰু বিশ্বশান্তি কামনা কৰি সমূহীয়া প্ৰাৰ্থনা কৰা হয়।বিগত দুবছৰৰ অন্তত এনেদৰে সমূহীয়া নামাজ আদায় কৰি উৎফুল্লিত হোৱা দেখা গ’ল ইছলাম ধৰ্মাৱলম্বী ৰাইজক।
- Log in to post comments
- 8 views