আলফা লিংকমেনৰ অভিযোগত সোনাৰী আৰক্ষীয়ে এনকাউণ্টাৰ কৰা সুৰুজ গগৈৰ পত্নীক পাঁচ লাখ টকা আৰু চৰকাৰী চাকৰিৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

A

নিউজ ডেস্ক:
আলফা(স্বা)ৰ যোগাযোগকাৰীৰ সন্দেহত অসম আৰক্ষীৰ গুলীত গুলিবিদ্ধ হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা শিৱসাগৰৰ বেতবাৰী তামুলী গাঁৱৰ সুৰুজ গগৈৰ পত্নীক ৫লাখ টকা আৰু চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।শিৱসাগৰ আৱৰ্ত ভৱনত কোলাত তিনিমহীয়া কন্যা সন্তানটিক লৈ দুৰ্ভগীয়া পত্নী গায়ত্ৰী চোলাধৰা গগৈয়ে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীক।স্বামী হত্যাৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে পত্নীয়ে।
ইফালে দুৰ্ভগীয়া পত্নী গৰাকীক মুখ্যমন্ত্ৰী শৰ্মাই পাঁচলাখ  টকা এককালীন সাহায্য আৰু অংগনবাড়ী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁ কয় য়ে “মুখ্যমন্ত্ৰীৰ আশ্বাসত মই সুখী হৈছো।অহা কাৰণে এইখিনি আশ্বাস পাইছো, তাৰ বাবে বহুত সুখী৷”
উল্লেখ্য যে বিগত বর্ষৰ ৪মার্চত চৰাইদেউ জিলা সোনাৰী আৰক্ষীৰ জিম্মাত গুলিবিদ্ধ হৈছিল অভিযুক্ত সুৰুজ।আলফা লিংকমেনৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুৰুজ গুলিবিদ্ধ হৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত ৫এপ্ৰিলত ৰহস্যজনক ভাৱে মৃত্যুক সাবটি লয়। 
গুৰুত্বপূৰ্ণ কথা এই যে অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা কৰা সুৰুজ সঁচাকৈয়ে আলফাৰ লিংকমেন আছিল নেকি!আৰক্ষীয়ে দাবী কৰা মতে যদি সুৰুজ লিংকমেন আছিল তেন্তে মুখ্যমন্ত্ৰীয়ে দুৰ্ভগীয়া পত্নীক কিদৰে প্ৰদান কৰিব এককালীন সাহায্য-চাকৰি । তাক লৈও বৰ্তমান যথেষ্ট চৰ্চা চলিছে। 
সামাজিক মাধ্যমত একাংশই সন্দেহ ব্যক্ত কৰি প্ৰশ্ন তুলিছে সুৰুজ গগৈক মিছাতে আৰক্ষীয়ে গুলিবিদ্ধ কৰি হত্যা কৰিলে নেকি!ভুৱা এনকাউণ্টাৰৰ বলি হ’ল নেকি শিৱসাগৰৰ সুৰুজ!
আনহাতে ৰাইজৰ দল তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সুৰুজ গগৈক ভুৱা এনকাউণ্টাৰত হত্যা কৰা বুলি ইতিমধ্যে সংবাদমেলত দাবী কৰিছে।সুৰুজ গগৈ হত্যাৰ বৰ্ণনাও তেওঁৰ মৃত্যুৰ পাছতেই সংবাদমেল পাতি ৰাজহুৱা কৰিছিল।

Your Comments