৪ মে’ত অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ,চাৰিখন জিলাত স্থানীয় বন্ধ ঘোষণা

A

B
নিউজ ডেস্ক:
৪ মে’ত অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷তদুপলক্ষে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে ৪ মে’ বুধবাৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নত (বি টি আৰ) স্থানীয় বন্ধ ঘোষণা কৰিছে।উল্লেখ্য যে ,বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে ৪ মে’ত অধিৱেশনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।বিটিআৰলৈ ৰাষ্ট্ৰপতিৰ আগমনৰ বাবেই বিটিআৰ প্ৰশাসনে উক্ত দিনটোত বিটিআৰ এলেকাৰ সকলো চৰকাৰী কাৰ্যলয়ৰ লগতে শৈক্ষিক প্ৰতিষ্ঠানো বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে যদিও অত্যাৱশ্যকীয় সেৱা আৰু চলিত ব’ৰ্ড পৰীক্ষাৰ সৈতে সম্পৰ্কিত কাৰ্যালয় আৰু প্ৰতিষ্ঠানবোৰক বন্ধৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে।

Your Comments