
নিউজ ডেস্ক:
ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত শনিবাৰে বিশ্ববিদ্যালয় চৌহদত উদযাপন কৰা হয় মুকলি বিহু।উল্লেখ্য যে ,প্ৰথমবাৰৰ বাবে কটনত ছাত্ৰী-ছাত্ৰীয়ে আয়োজন কৰে মুকলি বিহু ।
বিশ্ববিদ্যালয়ৰৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অভিশেষ মহন্তই কয় যে - থলুৱা সংস্কৃতিৰে বিহু উদযাপন কৰিবলৈ মুখ্যমন্ত্ৰী জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আয়োজন কৰা হৈছে মুকলি বিহু।হুঁচৰি,জেংবিহুৰ লগতে অন্যান্য থলুৱা কৃষ্টি-সংস্কৃতিৰ পয়োভৰেৰে উদযাপন কৰা মুকলি বিহুলৈ প্ৰতিজন কটনিয়ান-বিশ্ববিদ্যালয়ে সঁহাৰি জনাইছে।পৰম্পৰা মতে কণী যুজঁ, টেকেলী ভঙা, ছাত্ৰ ছাত্ৰীয়ে হুঁচৰি-জেং বিহু প্ৰদৰ্শন কৰে।ইয়াৰ উপৰিও থলুৱা বাদ্যযন্ত্ৰৰ ব্যৱহাৰেৰে বিহুৰাণী প্ৰতিযোগিতা অনুষ্ঠিত হয়- সাধাৰণ সম্পাদক মহন্তই কয়।
ইফালে মুকলি বিহু অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী চেতনা দাস প্ৰমুখ্যে বহুকেইগৰাকী অতিথি।বিশ্ববিদ্যালয়ৰ বাস্কেট বল ৰ্কটত অনুষ্ঠিত হয় মুকলি বিহু।
গুৰুত্বপূৰ্ণ কথা এই যে ছাত্ৰ একতা সভাই প্রথমবাৰৰ বাবে উদযাপন কৰে কটনত মুকলি বিহু।মুকলি বিহুত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলো উপস্থিত থাকে।
- Log in to post comments
- 27 views