
নিউজ ডেস্ক:
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক মহলৰ পৰীক্ষাৰ ফলাফলে বিপাঙত পেলাইছে ৰাজ্যৰ হাজাৰ-হাজাৰ শিক্ষাৰ্থীক।কোভিডৰ বাবে অনুষ্ঠিত নোহোৱা দুটাকৈ চেমিষ্টাৰৰ ফলাফল মূল্যাংকনৰ জৰিয়তে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিছিল যদিও মূল্যাংকন পদ্ধতিত ব্যাপক বিসংগতি ৰৈ যোৱাৰ গুৰুতৰ অভিযোগ অসম ছাত্ৰ অধিকাৰ মঞ্চৰ।গুৱাহাটী বিশ্ববিদ্যালয় অধীনস্থ একাংশ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ যৌথ উদ্যোগত গঠিত মঞ্চই আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত ফলাফলৰ বিসংগতিৰ কথা ৰাজহুৱা কৰে।
উল্লেখ্য যে ২০১৯-২২ শৈক্ষিক বর্ষৰ তৃতীয় চেমিষ্টাৰ আৰু ২০২০-২৩ শৈক্ষিক বর্ষৰ প্ৰথম চেমিষ্টাৰৰ পৰীক্ষা কোভিডৰ বাবে অনুষ্ঠিত হোৱা নাছিল।পৰীক্ষা বাতিল হোৱাত তৃতীয় চেমিষ্টাৰৰ ফলাফল পূৰ্বৰ দুটা চেমিষ্টাৰৰ ফলাফল, গৃহকাৰ্য, আৰু ইন্টাৰনেল মাৰ্ক মূল্যাংকণৰ জৰিয়তে প্ৰদান কৰিছিল।তাৰ ভিত্তিতে তৃতীয় চেমিষ্টাৰৰ ফলাফলসমূহ ২০২২বৰ্ষৰ ১৪ জানুৱাৰীত ঘোষণা কৰে।কিন্তু ঘোষিত ফলাফলত ব্যাপক বিসংগতি ৰৈ যোৱা পৰিলক্ষিত হয়।ফলত ২১ জানুৱাৰীত শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে।প্ৰতিবাদৰ পাছতেই কৰ্তৃপক্ষই বিসংগতিসমূহ ধৰা পেলাবলৈ এখন কমিটি গঠন কৰে আৰু ১৫দিনৰ ভিতৰত এই কমিটিয়ে বিসংগতিসমূহ উলিয়াই সম্পূৰ্ণ স্বচ্ছ-নিকা ফলাফল শীঘ্ৰে ঘোষণা কৰিব বুলি আশ্বাস দিয়ে।কিন্তু বর্তমান প্ৰায় তিনিমাহ হৈ যোৱাৰ পাছতো এই ফলাফল ঘোষণা নকৰাত এতিয়া চিন্তিত হৈছে শিক্ষাৰ্থীসকল-এই কথা অৱগত কৰে মঞ্চৰ সদস্য হীৰকজ্যোতি দাসে।
আনহাতে ২০২০-২৩ শৈক্ষিক বৰ্ষৰ প্ৰথম চেমিষ্টাৰৰ ফলাফল কেইদিনমানৰ পূৰ্বে ঘোষণা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।কিন্তু তাতো খেলি-মেলি ৰৈ যোৱা বুলি জানিব দিয়ে মঞ্চই।
ইফালে যোৱা ২৬এপ্ৰিলত মঞ্চই ফলাফল বিচাৰি পুনৰ বিশ্ববিদ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।সেই প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ নিয়ন্ত্ৰকৰে বৈঠকত মিলিত হয়।বৈঠকত তেওঁলোকৰ দাবীসমূহ অৱগত কৰে কৰ্তৃপক্ষক।লগতে কৰ্তৃপক্ষই পূৰ্বৰ ৰিলেটিভ গ্ৰেডিঙৰ ঠাইত এবচেলিউট গ্ৰেডিঙৰ পদ্ধতি গ্ৰহণ কৰা হ’ব বুলি জাননী জাৰি কৰে।মঞ্চৰ অভিযোগ ৰিলেটিভ গ্ৰেডিঙৰ বাবেই মুল্যাংকনৰ পদ্ধতিত বেমেজালি ৰৈ গৈছে।
আনহাতে বৰ্তমান ঘোষিত ফলাফলসমূহ বিশ্ববিদ্যালয় ৱেবচাইটৰ পৰা আঁতৰাই ২১দিনৰ ভিতৰত স্বচ্ছ-নিকা তথা উচিত ফলাফল প্ৰদান কৰিব লাগে।উচ্চশিক্ষাৰ ক্ষেত্ৰত যাতে শিক্ষাৰ্থীৰ অসুবিধা নহয় তাৰ বাবে চূড়ান্ত বর্ষৰ ফলাফল নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘোষণা কৰিব লাগে।ইফালে শিক্ষাৰ্থীৰ দাবী প্ৰতি সঁহাৰি জনায় মে' মাহৰ ভিতৰত ফলাফল ঘোষণা কৰিব বুলি কৰ্তৃপক্ষই মৌখিক প্ৰতিশ্ৰুতি দিয়া বুলি সংবাদমেলত জানিব দিয়ে মঞ্চৰ সদস্য হীৰকে।অন্যথা প্ৰতিশ্ৰুতি মৰ্মে যদি ফলাফল ঘোষণা নহয় তেন্তে পুনৰ আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে।লগতে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে মঞ্চই।
সংবাদমেলখনত গুৱাহাটী মহানগৰীৰ বহুকেইখন মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি উপস্থিত থাকে।
- Log in to post comments
- 15 views