
নিউজ ডেস্ক:
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা বিহুৰ পূৰ্বে ৭মহীয়া শিশু সন্ধানহীন হোৱা ঘটনাৰ লগত নাম সাঙুৰ খাইছে শুৱালকুছিৰ এগৰাকী নাৰ্চৰ।শুৱালকুছি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ANM হিচাপে কৰ্মৰত নাৰ্চ গৰাকীয়ে যোৱা ২১মাৰ্চ ৰ পৰা ২৫ মাৰ্চলৈকে ব্যক্তিগত অসুবিধা দেখুৱাই ছুটি আবেদন কৰিছিল।সেই ছুটিৰ অনুমোদন দিছিল চিকিৎসালয় কৰ্তৃপক্ষই।ইতিমধ্যে ছুটিৰ সময় উকলি যোৱাৰ পিছতো নাৰ্চগৰাকীয়ে পুনৰ চিকিৎসালয়ত যোগদান কৰা নাই বুলি বিশেষ সূত্ৰৰ পৰা খবৰ পোৱা গৈছে।আনহাতে শিশুটিৰ সন্ধানত চেন্নাই ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত আৰক্ষীয়ে অভিযান চলাইছে।এই সন্দৰ্ভত মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে- “সমগ্ৰ বিষয়টো বহু স্পৰ্শকাতৰ।কণমাণিটিৰ ভৱিষ্যতৰ কথা আছে।আমি সকলো দিশ পৰ্যালোচনা কৰিছো।উল্লেখ্য যে চেন্নাই এখন চিকিৎসালয়ত অসমৰ এগৰাকী শিশু ভৰ্তি হৈ থকা খবৰ ওলাইছে।অসম আৰক্ষীৰ এটা দলো চেন্নাইলৈ ৰাওনা হৈছে।”
ইফালে অসম আৰক্ষীৰ গুপ্তচৰ হিচাপে সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা(স্বা)ত যোগদান কৰি আলফাৰ হাতত ধৰা পৰি বন্দী হৈ থকা সঞ্জীৱ শৰ্মাই আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তই পঠিওৱা বুলি বিস্ফোৰক অভিযোগ কৰাক লৈ যুটীয়া আয়ুক্ত গৰাকীয়ে কয় যে - “কিয় মোৰ নামটো ললে মই নাজানো।মই হৈছোঁ গুৱাহাটী আৰক্ষী বিষয়া।বিষয়টোৰ লগত কেৱল মহানগৰ আৰক্ষী জড়িত নহয়।আমি বিভিন্ন সময়ত বিভিন্ন মানুহৰ সৈতে কাম কৰো।গতিকে হয়তো কামৰূপত থাকোতে লগ পাবও পাৰো কিন্তু মোৰ মনত নাই।কিয় কেৱল মোৰ নাম ললে সেইটো কৰ্তৃপক্ষই তদন্ত কৰিব।”
- Log in to post comments
- 11 views