মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত কৃষক মেলা উদযাপন

A

নিউজ ডেস্ক:
 আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আৰম্ভ হৈ থকা "কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰি অভিযান"ৰ অংশ হিচাপে কালি  মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্রই  ঝাৰগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্রৰ কাৰ্যালয়ত এখন কৃষক মেলা অনুষ্ঠিত কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা তিনি শতাধিক পুৰুষ -মহিলাৰ কৃষকে অংশ গ্ৰহণ কৰা কৃষক মেলা খনিত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে  জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই।উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত “কৃষকৰ আয় দুগুণ কৰিবলৈ কৃষি বিজ্ঞান কেন্দ্রই যি উন্নত কাৰ্যপদ্ধতি গ্ৰহণ কৰিছে সেই সুবিধা গ্ৰহণ কৰিবলৈ কৃষক সকলৰ প্ৰতি আহ্বান জনায়”।জিলা কৃষি বিজ্ঞান কেন্দ্রৰ জ্যেষ্ঠ বিজ্ঞানী ড০ ৰিজুস্মিতা শৰ্মা ডেকাই আদৰণি ভাষণ প্ৰদান কৰা মেলা খনিত জিলা কৃষি বিষয়া ইন্দ্ৰমোহন তালুকদাৰ,জিলা মীন বিষয়া ভাস্কৰ জ্যোতি নাথ, জিলা পশুপালন বিষয়া ডা০ নিলোৎপল কাকতি, অসম পশুচিকিৎসা মহাবিদ্যালয়ৰ সহযোগি সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডা০ অতুল বৰগোহাঁই, ৰহাৰ মীন মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু,জিলা ভূমি সংৰক্ষণ বিষয়া দ্বীপজ্যোতি শৰ্মাকে  আদি কৰি জিলা খনৰ কেইবাটাও বিভাগৰ মুৰব্বী বিষয়া সকলে অংশ গ্ৰহণ কৰা মেলা খনিত কৃষি বিষয়ৰ বিভিন্ন উন্নত প্ৰয়ুক্তিৰ প্ৰদৰ্শন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য উদ্যান শস্যৰ কৰ্ম অভিজ্ঞতা আঁচনিৰ ২০২২ ৰ ছাত্ৰ ছাত্ৰী সকলে অসমৰ জাতীয় সংগীত আৰু সমবেত সংগীতেৰে কাৰ্যসূচী আৰম্ভ কৰা কৃষক মেলাত ১৮ জন নিৰ্বাচিত অগ্রণী কৃষকক কৃষি বিজ্ঞান কেন্দ্রৰ পৰা বিশেষ ভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।তদুপৰি কৃষক মেলা খনি সামৰণি পূৰ্বে কৃষি বিজ্ঞানী আৰু কৃষক সকলৰ মাজত এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়।

 

Your Comments