এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত দুজনক আটক

A

নিউজ ডেস্ক:

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত দুজনক আটক।নগাঁৱৰ মিকিৰভেটা  আৰক্ষীয়ে আটক কৰিছে পিন্টু গোহাঁই আৰু প্ৰাঞ্জল দেউৰীক।উল্লেখ্য যে সোমবাৰে পিন্টু গোহাঁইক আটক কৰিছিল আৰক্ষীয়ে।পিন্টু গোহাঁয়ে প্ৰাঞ্জলৰ পৰা প্ৰশ্ন কাকত  পোৱা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰাৰ  পিছতে  নিশা আৰক্ষীয়ে প্ৰাঞ্জলক আটক কৰিছে।তাৎপৰ্যপূৰ্ণ কথা এই যে আটকাধীন দুয়োজন বি.এড পাঠ্যক্ৰমৰ ছাত্ৰ।আনহাতে বিশেষ সূত্ৰৰ খবৰমতে প্ৰাঞ্জলে প্ৰশ্নকাকত গুৱাহাটীৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা লাভ কৰিছিল বুলি কৈছে যদিও আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত তথ্য।তাৎপৰ্যপূৰ্ণ কথা এই যে দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ লিখিত পৰীক্ষা।পৰীক্ষাৰ অন্তত প্ৰাৰ্থীৰ পৰা ঘূৰাই লোৱা হয় প্ৰশ্নকাকত।কিন্তু তাৰ মাজতেই ৰহস্যজনক ভাৱে সোমবাৰে সামাজিক মাধ্যমত ভাইৰেল হয় প্ৰশ্নকাকত।ইফালে পৰীক্ষা অনুষ্ঠিতৰ দায়িত্বত থকা ছেবাই সমগ্র ঘটনাত টুলুঙা মন্তব্য প্ৰকাশ কৰিছে।তেওঁলোকৰ মতে পৰীক্ষাৰ অন্তত প্ৰশ্ন কাকতসমূহ সামাজিক মাধ্যমত ভাইৰেল হোৱাটো গুৰুত্ব দিবলগীয়া বিষয় নহয়।

Your Comments