
নিউজ ডেস্ক:
অসম আৰক্ষীৰ গুপ্তচৰ আলফা(স্বা)ৰ কেম্পত বন্দী।সশস্ত্ৰ বাহিনীৰ জিম্মাত বন্দী বাইহাটাৰ যুৱক সঞ্জীৱ শৰ্মা।অসম আৰক্ষীৰ বিষয়া তথা মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নিৰ্দেশত বিশেষ মিছনত আলফা(স্বা)ত যোগদান কৰা একাংশৰ এই গুৰুতৰ অভিযোগ ৷
তাৎপৰ্যপূৰ্ণ কথা এই যে ভাতৃ হত্যাৰ পোতক তুলিবলৈ সঞ্জীৱে অসম আৰক্ষীৰ আলফা(স্বা) বিৰোধী মিছনত নামিছিল বুলি প্রকাশ কৰিছে।আলফা(স্বা)ৰ অজ্ঞাত কেম্পত বন্দী হৈ থকা গুপ্তচৰ সঞ্জীৱৰ ভাষ্য ভিডিঅ’ ৰেকৰ্ড কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে সশস্ত্ৰ সংগঠনটোৱে।ভাষ্যত উল্লেখ কৰা অনুসৰি আলফা কেম্পত বোমা বিস্ফোৰণৰো পৰিকল্পনা আছিল তেওঁৰ।
"জ্যেষ্ঠ ভাতৃ অপূৰ্ব কুমাৰ শৰ্মাৰ দুই-তিনিমাহৰ আগত মণিপুৰত উগ্ৰপন্থীৰ এম্বুছত মৃত্যু হৈছিল।উগ্ৰপন্থীৰ এম্বুছত আলফা(স্বা) জড়িত থকা বুলি অসম আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তই অৱগত কৰিছিল।তেওঁৱেই আলফা(স্বা)ত যোগদান কৰি প্ৰশিক্ষণ গ্ৰহণ কৰি ভাতৃ হত্যাত জড়িত থকাসকলক হত্যা কৰিবলৈ কৈছিল।আলফা(স্বা)ৰ ক’ত কি কেম্প আছে তাকে চাবলৈ কোৱা হৈছিল।মিছন সফল কৰিব পাৰিলে ১কোটি টকা দিম বুলি কৈছিল"- গুপ্তচৰ সঞ্জীৱ শৰ্মাই এইদৰে কয়।২০২৩চনত আলফা(স্বা) আৰু গুপ্তচৰ যোগদান কৰোৱাৰ কথা হৈ আছিল।সেইসকলৰ সৈতে বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা হৈছিল।পূৰ্বতেও এইধৰণৰ মিছন কৰিছিলোঁ।মোৰ লগতে ভালে কেইজন আছে।সেইসমূহ মিছনত সফলো হৈছিলোঁ- লগতে তেওঁ কয়।
আনহাতে অসম আৰক্ষীয়ে ৭৮৯৬টা পাচৱৰ্ডো শৰ্মাক দিয়া বুলি উল্লেখ কৰিছে।এসপ্তাহৰ পূৰ্বে সেনাৰ সৈতেও বৈঠক হোৱা বুলি তেওঁ কয়।বিগত এবছৰৰ পৰা ঘৰৰ সৈতে যোগাযোগ নাছিল সঞ্জীৱৰ।মাঘবিহুৰ সময়ত ঘৰলৈ আহি দুদিনমান থকাৰ পাছত পুনৰ নিখোজ হৈছিল।তেওঁ নাম লোৱা মতে যোৰহাটৰ সেনা বিষয়া ধনুমনি শইকীয়াৰ সহযোগত আলফাত যোগদান কৰিছিল ৷উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ বহুসংখ্যক যুৱক-যুৱতী আলফা(স্বা)ত যোগদান কৰাৰ কথা পোহৰলৈ আহিছে।মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানেও এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি আহিছে।
- Log in to post comments
- 9 views