
নিউজ ডেস্ক:
কটকটীয়া নিৰীক্ষণৰ মাজেৰে অনুষ্ঠিত অসম আৰক্ষী উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত আজি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ছেবাই টুলুঙা যুক্তি আগবঢ়াইছে ।পৰীক্ষা শেষ হোৱাৰ পিছত সামাজিক মাধ্যমত প্ৰশ্ন কাকত প্রকাশ হোৱা বিষয়টোৰ কোনো বিশেষ গুৰুত্ব নাথাকে।ছেবাৰ দাবী মতে সুকলমে অনুষ্ঠিত হৈছে পৰীক্ষা।উল্লেখ্য যে যিটো পৰীক্ষাত প্ৰশ্নকাকত কোনো প্ৰাৰ্থীকে আনিবলৈ দিয়া হোৱা নাছিল তেনে ক্ষেত্ৰত প্ৰশ্নকাকত খন কিদৰে সামাজিক মাধ্যমত ভাইৰেল হল সেইটোহে ডাঙৰ ৰহস্য।যিহেতু পৰীক্ষাৰ্থী আৰু পৰীক্ষা নিৰীক্ষণৰ দায়িত্বত নিয়োজিত সকলকো পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰোতে সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হৈছিল।মোবাইলৰ পৰা আৰম্ভ কৰি কোনো ধৰণৰ ইলেকট্ৰ’নিক সামগ্ৰী কেন্দ্ৰৰ ভিতৰত সোমোৱাবলৈ দিয়া হোৱা নাছিল।তাৰ পাছতো প্রশ্ন কাকতখন কিদৰে সামাজিক মাধ্যমলৈ আহিবলৈ পালে।
পৰীক্ষা অনুষ্ঠিতৰ দায়িত্বত আছিল ছেবা।প্ৰশ্নকাকতৰ কপি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা প্ৰসংগত এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কৰ্তৃপক্ষই কয়- “কোনোবা ন্যস্ত স্বাৰ্থ মহলে উদ্দেশ্য প্ৰণোদিতভাৱে একাংশ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰিব পাৰে।পৰীক্ষাৰ্থী বিভ্ৰান্তি হ’ব নালাগে।
গুৰুত্বপূৰ্ণ কথা এই যে বিভ্ৰান্তি সৃষ্টি কৰি ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে সামাজিক মাধ্যমত ভাইৰেল কৰা এইসকল কোন।ছেবাই উল্লেখ কৰাৰ দৰে তেওঁলোকে প্ৰশ্নকাকত কেনেকৈ লাভ কৰিলে সেয়াও উচিত তদন্ত হ’ব লাগে।”
- Log in to post comments
- 11 views