
নিউজ ডেস্ক:
গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ।কোকৰাঝাৰ আৰক্ষী থানাৰ গোচৰত মেৱানীৰ জামিন মঞ্জুৰ কৰিছে আদালতে।উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে টুইট কৰি কোকৰাঝাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল দলিত সম্প্ৰদায়ৰ বিধায়ক গৰাকী।কোকৰাঝাৰ ন্যায়িক জিম্মাত বৰ্তমান বন্দী হৈ আছে মেৱানী।অৱশ্যে কোকৰাঝাৰ গোচৰত জামিন লাভ কৰিলেও মুকলি হ’ব নোৱাৰে মেৱানী।কাৰণ বৰপেটাৰ অন্য এটা গোচৰত পুনৰ গ্ৰেপ্তাৰ হৈছে বিধায়ক জন।'জুকেগা ন্যাহি' বুলি কোৱা বাবেই বৰপেটা আৰু গোৱালপাৰাত মেৱানীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিছে দুটাকৈ গোচৰ।তাৰে বৰপেটা গোচৰটোত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নেতা গৰাকীক।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,পাঁচদিন পূৰ্বে গুজৰাটৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিছিল নেতা গৰাকীক।
- Log in to post comments
- 10 views