
নিউজ ডেস্ক:
গুৱাহাটী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ছাত্ৰীৰ উত্তাল প্ৰতিবাদ।মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তাৰ বিৰুদ্ধে ছাত্ৰী সমাজে সাব্যস্ত কৰে প্ৰতিবাদ।মহাবিদ্যালয় মূল প্ৰৱেশদ্বাৰৰ সন্মুখত ছাত্ৰীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ।উল্লেখ্য যে,মহাবিদ্যালয়খনৰ বি.চি.এ বিভাগৰ সহকাৰী প্ৰবক্তা মানস গগৈক পুনৰ চাকৰিত যোগদানৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই মাতি অনাৰ অভিযোগত আজি শ্রেণী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰীসকলে।
গুৰুত্বপূৰ্ণ কথা যে প্ৰায় ডেৰ বছৰ পূৰ্বে গগৈৰ বিৰুদ্ধে দুগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আছে।ভুক্তভোগী ছাত্ৰীৰ অভিযোগৰ ভিত্তিত নিলম্বন কৰি তেওঁৰ বিৰুদ্ধে তদন্ত চলাই থকা সময়তে পুনৰ শ্ৰেণীত পাঠদান কৰিবলৈ কৰ্তৃপক্ষই মাতি অনাত ক্ষুণ্ণ হৈছে মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীসকল।
ইফালে মহাবিদ্যালয় কৰ্তৃপক্ষই অৱগত কৰা মতে সমগ্ৰ ঘটনা তদন্ত কৰাৰ বাবে এখন কমিটি গঠন কৰি দিয়া হৈছে।কমিটিয়ে প্ৰতিবেদন বর্তমান সময়লৈকে দিয়া নাই।কমিটিয়ে প্ৰতিবেদনত যি দিব তাক কঠোৰ ভাৱে গ্ৰহণ কৰা হ’ব বুলিও কয়।
- Log in to post comments
- 13 views