কনিষ্টবল পৰীক্ষাৰ ফলাফল বিচাৰি গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰা ৩৬প্ৰাৰ্থীক মুকলিৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

A

নিউজ ডেস্ক:

অসম আৰক্ষী নিযুক্তিৰ পৰীক্ষাৰ ফলাফল বিচাৰি গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হোৱা ৩৬ গৰাকী প্ৰতিবাদকাৰীক মুকলিৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।বিষয়টোক সহানুভূতি আৰু মানৱীয় দৃষ্টিৰে লৈ আটাইকেইজন প্ৰাৰ্থীকে শীঘ্ৰে আৰক্ষীক মুকলি কৰি দিয়াৰ নিৰ্দেশ শৰ্মাৰ।গুৰুত্বপূৰ্ণ কথা এই যে,যোৱা ১৮এপ্ৰিলত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কনিষ্টবল পৰীক্ষাৰ ফলাফল বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।উল্লেখ্য যে মুঠ ১১৫গৰাকী প্ৰতিবাদকাৰী প্ৰাৰ্থীক আৰক্ষীয়ে আটক কৰিছিল।পৰৱৰ্তী সময়ত ৩৬জনক গ্ৰেপ্তাৰ কৰিছিল।আদালতে ৪দিনৰ বাবে আৰক্ষী জিম্মাত দিয়াৰ পাছত ২৩ এপ্ৰিলত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী প্ৰাৰ্থীকেইজনক। 
তাৎপৰ্যপূৰ্ণ কথা এই যে ২০ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল কনিষ্টবলৰ লগতে অন্যান্য মুঠ ৯হাজাৰৰো অধিক পদৰ লিখিত পৰীক্ষা।দুটা মাহে ফলাফল লাভ নকৰাত ক্ষুণ্ণ হৈ পৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ।

Your Comments