স্বচ্ছ নিকাত প্ৰশ্নবোধক; অসম আৰক্ষী এছ আই নিযুক্তি প্রশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল

A

নিউজ ডেস্ক:
দেওবাৰে ৰাজ্যত কটকটীয়া নিৰীক্ষণৰ মাজেৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক চমুকৈ এছ আইৰ প্ৰায় ৬০০ৰো অধিক পদৰ লিখিত পৰীক্ষা।পৰীক্ষাত যাতে কোনো দুৰ্নীতি সংঘটিত নহয় তাৰ বাবে পৰীক্ষাৰ প্ৰতিটো কেন্দ্ৰৰ ভিতৰে-বাহিৰে কটকটীয়া নিৰীক্ষণৰ ব্যৱস্থা গঢ়ি তুলিছিল।অসম আৰক্ষীৰ নিযুক্তি পৰিষদ বৰ্ড চমুকৈ এছএলপিআৰবিয়ে ছেবাৰ সহায়ত অনুষ্ঠিত কৰিছিল পৰীক্ষা।ৰাজ্যৰ লাখ-লাখ নিবনুৱাই চাকৰি আশাত অৱৰ্তীন হয় পৰীক্ষাত।পৰীক্ষাত যাতে কোনো বেমেজালিৰ সৃষ্টি নহয় অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ন স্বচ্ছ-নিকা হয় তাৰ বাবে প্ৰতিটো পৰীক্ষাৰ কেন্দ্ৰতে তন্ন-তন্নকৈ প্ৰাৰ্থীসকলক পৰীক্ষা কৰা হৈছিল।আনহে নালাগে পৰীক্ষাৰ স্বচ্ছতাৰ স্বাৰ্থত পৰীক্ষাৰ অন্তত প্ৰাৰ্থীৰ পৰা উত্তৰ চিট(Answer key)লগতে প্ৰশ্নকাকতো ঘূৰাই লোৱা হৈছিল।কিন্তু শেহতীয়াকৈ আজি(সোমবাৰে) প্ৰশ্ন কাকতৰ একাংশ পৃষ্ঠা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে,যিয়ে পৰীক্ষাৰ স্বচ্ছতা-নিকাৰ ওপৰত প্ৰশ্নৰ সৃষ্টি কৰিছে।পৰীক্ষাত অৱৰ্তীন প্ৰাৰ্থীয়ে বিভিন্ন সামাজিক মাধ্যমত প্ৰশ্ন কাকতৰ ভাইৰেল হোৱা পৃষ্ঠা প্ৰত্যক্ষ কৰি হতাশাত ভোগাও পৰিলক্ষিত হৈছে।একাংশ প্ৰাৰ্থীয়ে সামাজিক মাধ্যমত অসম চৰকাৰৰ চাকৰিত কষ্ট কৰি লাভ নাই বুলি লিখা পৰিলক্ষিত হৈছে।
তাৎপৰ্যপূৰ্ণ কথা যে খোদ আৰক্ষী বিভাগৰ নিযুক্তিৰ পৰীক্ষাতে যদি এনেধৰণৰ ঘটনা সংঘটিত হয় তেন্তে ৰাজ্যৰ অন্যান্য বিভাগৰ নিযুক্তি পৰীক্ষা কিমান স্বচ্ছ আৰু নিকা হ’ব সেইয়াও প্ৰশ্নবোধক।গুৰুত্বপূৰ্ণ কথাএই যে  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি সম্পূৰ্ণ স্বচ্ছ-নিকা পদ্ধতিৰে ৰাজ্যৰ এক লাখ নিবনুৱাক চাকৰি দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে।তাৰে অংশ আছিল অসম আৰক্ষীৰ দেওবাৰে অনুষ্ঠিত উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা।ইফালে সামাজিক মাধ্যমত ফাদিল হোৱা প্ৰশ্ন কাকতৰ উচিত তদন্ত কৰাৰ বাবে পৰীক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানক সামাজিক মাধ্যমত আহ্বান জনাইছে।
উল্লেখ্য যে  ২০২০বর্ষৰ শেষৰ ফালে অনুষ্ঠিত অসম আৰক্ষী উপ-পৰিদৰ্শক পদ নিযুক্তি পৰীক্ষাতো সংঘটিত হৈছিল  প্রশ্নকাকত ফাদিলৰ ঘটনা।পৰৱৰ্তী সময়ত সেই ঘটনাৰে জড়িত বহুসংখ্যক বর্তমানো কাৰাবন্দী হৈ আছে।

Your Comments