গুৱাহাটীত ৩৭বছৰীয়া জনগোষ্ঠীয় মহিলাক দলবদ্ধ ধর্ষণ তিনি পাষণ্ডৰ

A

নিউজ ডেস্ক:
সভ্য সমাজক লজ্জিত কৰা জংঘন্য ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।গাড়ীগাওঁ কিশোৰী দলবদ্ধ ধৰ্ষণৰ জঘন্য ঘটনা মাৰ নাযাওঁতেই পুনৰ আন এক দলবদ্ধ ধৰ্ষণৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰীক।এইবাৰ ঘটনাৰ স্থান মহানগৰীৰ হাটীগাঁও।তিনি পাষণ্ড সহকৰ্মীৰ কামনাৰ বলি হ’ল  এগৰাকী কাৰ্বি জনগোষ্ঠীয় মহিলা।হাটীগাঁৱৰ পুৱেৰুন পথত বুধবাৰে সংঘটিত হৈছে এই জঘন্যকাণ্ড।
উল্লেখ্য যে,মনস্ত্ৰীম ডট কম নামৰ এটা কোম্পানীত কৰ্মৰত  আছিল তিনি পাষণ্ড।মহিলা গৰাকী নতুনকৈ যোগদান কৰিছিল কোম্পানীটোত।আৰক্ষীয়ে প্ৰকাশ কৰা মতে ৩৭বছৰীয়া মহিলা গৰাকীয়ে ১৮এপ্ৰিলৰ দিনা যোগদান কৰিছিল কোম্পানীত।৩অভিযুক্ত পাষণ্ড কোম্পানীটোৰ নিৰাপত্তাৰ দায়িত্বত আছিল।২০এপ্ৰিলৰ দিনাখন মহিলা গৰাকীক দুপৰীয়া আহাৰ খাবলৈ হাটীগাঁও নীলকমল পথৰ ২১নম্বৰ ঘৰটোলৈ মাতি নিছিল।তাতে অভিযুক্ত নৰপিশাচ নইমুদ্দিন আলি, মুকুল ইছলাম আৰু আশ্ৰাফুল আমিনে দলবদ্ধভাৱে ধর্ষণ কৰে।তিনি পাষণ্ডৰ কামনাৰ বলি হোৱা মহিলা গৰাকীয়ে সমগ্ৰ ঘটনা কোম্পানীৰ স্বত্বাধিকাৰী ৰফিক আলীক জনোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত হাটীগাঁও থানাত বৃহস্পতিবাৰে  দাখিল কৰে এজাহাৰ।মহিলা গৰাকীৰ এজাহাৰ ভিত্তিতে হাটীগাঁও আৰক্ষীয়ে তিনি ধর্ষণকাৰীৰ লগতে কোম্পানীৰ স্বতাধিকাৰীক গ্ৰেপ্তাৰ কৰে।
গুৰুত্বপূৰ্ণ কথা যে মহিলা গৰাকীৰ সৈতে এখন পাৰ্লাৰত পূর্বতে চিনাকি হৈছিল পাষণ্ড কেইটাই।ইফাল অভিযুক্ত তিনি পাষণ্ডই প্ৰকাশ কৰা মতে মহিলা গৰাকীয়ে পাঁচ হাজাৰকৈ টকা দাবী কৰিছিল।কিন্তু টকা নিদিয়াৰ বাবে এজাহাৰ দাখিল কৰিছে।
উল্লেখ্য যে গুৱাহাটী মহানগৰীত নিতৌ বৃদ্ধি হৈছে অপৰাধ।বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ গাড়ীগাঁৱত এগৰাকী ১৬বছৰীয়া কিশোৰীক পাঁচটা পাষণ্ডই দলবদ্ধভাৱে ধর্ষণ কৰিছিল ৷উক্ত ঘটনাৰ মূল অভিযুক্তৰ বাহিৰে বাকী ৪অভিযুক্ত ধর্ষণকাৰী আৰক্ষী জালত আজিও পৰা নাই।তাৰ মাজতে পুনৰ সংঘটিত হৈছে এই ঘটনা।

Your Comments