
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত নিতৌ সংঘটিত অপৰাধজনিত ঘটনাই নাগৰিকক চিন্তিত কৰি তোলাৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ টুলুঙা মন্তৱ্য।“সমাজত মানুহ থাকিলে অপৰাধ হ’বই।নহলে পুলিচ বিভাগেই নোহোৱা হ’ব।কিন্তু যতেই অপৰাধ হ’ব মই নিশ্চিত পুলিচে ব্যৱস্থা ল’ব”- মুখ্যমন্ত্ৰীয়ে কয়।
গুৱাহাটী মহানগৰীত শেহতীয়াকৈ বৃদ্ধি পোৱা অপৰাধৰ ঘটনাৰ প্ৰসংগত সাংবাদিকে কৰা এক প্ৰশ্নত ৰাজ্যখনৰ মুৰব্বী তথা গৃহবিভাগৰ দায়িত্বত থকা শৰ্মাই কয়- “অপৰাধ এটা দুটা হ’বই।৩০% অপৰাধ হ্ৰাস পাইছে।অপৰাধ নোহোৱা হ’ব বুলি মই ক’ত কৈছোঁ।”
উল্লেখ্য যে গুৱাহাটী মহানগৰীত দৈনিক বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা।শেহতীয়াকৈ হাটীগাঁৱত তিনি পাষণ্ডই এগৰাকী মহিলাক দলবদ্ধ ধর্ষণ কৰা গুৰুতৰ অভিযোগ উঠিছে।মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
- Log in to post comments
- 13 views