অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফল বিচাৰি প্ৰতিবাদ কৰা ৩৬ প্ৰতিবাদকাৰীক ৪দিনৰ আৰক্ষীৰ জিম্মালৈ

A

নিউজ ডেস্ক:

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদ কৰিবলৈ আহি গ্ৰেপ্তাৰ হোৱা ৩৬গৰাকী প্ৰতিবাদকাৰী প্ৰাৰ্থীক ৪দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।অসম আৰক্ষীৰ প্ৰায় ৯হাজাৰৰো অধিক পদৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিব আহিছিল প্ৰাৰ্থীসকলে।সোমবাৰে আটক কৰা প্ৰাৰ্থী প্ৰতিবাদকাৰীসকলৰ মাজৰ পৰা বাছি বাছি ৩৬জন প্ৰাৰ্থীক মঙলবাৰে গ্ৰেপ্তাৰ কৰিছিল কামৰূপ(ম) আৰক্ষীয়ে।
উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নির্দেশ মৰ্মে গ্ৰেপ্তাৰ কৰিছে এই প্ৰাৰ্থী সকলক।অসম আৰক্ষীৰ লিখিত পৰীক্ষাত কোনো বিসংগতি থকাৰ সন্দেহত আৰক্ষীয়ে এইসকলক গ্ৰেপ্তাৰ কৰিছে।

Your Comments