
নিউজ ডেস্ক:
অসম আৰক্ষীৰ কনিষ্টবলকে ধৰি অন্যান্য বিভিন্ন শাখাৰ প্ৰায় ৯ হাজাৰো অধিক পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হৈ যোৱা লিখিত পৰীক্ষাত আকৌ হৈছে নেকি কেলেংকাৰী!লিখিত পৰীক্ষাৰ ফলাফল বিচাৰি প্রতিবাদ সাব্যস্ত কৰা প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা ঘটনাই বিষয়টোক ৰহস্যঘন কৰি তুলিছে।নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী সংঘটিত কৰাৰ বা দুৰ্নীতিৰ আশ্ৰয় লৈছে নেকি!পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে ফলাফল বিচাৰি কিয় ,কি পৰিস্থিতিত প্ৰাৰ্থীয়ে প্ৰতিবাদ কৰিব লগা হৈছে তাৰ তদন্তৰ বাবে প্ৰতিবাদী ৩৬জনকৈ প্ৰাৰ্থীক গ্ৰেপ্তাৰ আৰক্ষীৰ।সোমবাৰে সমগ্ৰ লিখিত পৰীক্ষাৰ ফলাফল বিচাৰি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদ কৰিবলৈ অহা ৩৬জনকৈ প্ৰাৰ্থীক অৱশেষত গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ।আটক কৰি ৰখা ১১৫ গৰাকী প্ৰতিবাদকাৰী প্ৰাৰ্থীৰ মাজৰ পৰা ৩৬ জন প্ৰতিবাদকাৰী প্ৰাৰ্থীক মঙলবাৰে গ্ৰেপ্তাৰ কৰাৰ কথা আনুষ্ঠানিক ভাৱে অৱগত কৰে কামৰূপ(ম) যুটীয়া আৰক্ষীৰ আয়ুক্ত পাৰ্থ সাৰথি মহন্তই।
পল্টনবজাৰ আৰক্ষী থানাৰ ২০২/২২ গোচৰত গ্ৰেপ্তাৰ কৰা প্ৰতিবাদকাৰী প্ৰাৰ্থীসকলক আদালতত হাজিৰ কৰাব বুলি লগতে তেওঁ কয়।
অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নির্দেশ মৰ্মে নিযুক্তি প্ৰক্ৰিয়া যাতে স্বচ্ছ হয় তাৰ বাবে সমগ্ৰ আন্দোলন প্ৰক্ৰিয়াটোৰ তদন্ত কৰা হৈছে।প্ৰতিবাদী প্ৰাৰ্থীসকলৰ মাজত তদন্ত কৰি বৰ্তমান ৩৬ জনক তদন্তৰ আওতাত ৰখা হৈছে।অধিক তদন্ত কৰি উক্ত প্ৰাৰ্থীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব- মহন্তই কয়।
তাৎপৰ্যপুৰ্ণ কথা এই যে বিগত বৰ্ষৰ ২০ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল পদসমূহৰ লিখিত পৰীক্ষা।যোৱা প্ৰায় দুটা মাহে ফলাফল লাভ নকৰাৰ ক্ষোভত প্ৰাৰ্থীসকলে প্ৰতিবাদ কৰা বুলি সোমবাৰে অৱগত কৰিছিল।
নিযুক্তি প্ৰক্ৰিয়াত জড়িত হৈ থকাৰ বাবে গোচৰ ৰুজু কৰা হৈছে।নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ন স্বচ্ছ-নিকা হোৱা দৰকাৰ ।ৰিজাল্ট বিচৰাত কিবা অভিসন্ধি বা ষড়যন্ত্ৰ আছে নেকি তাৰ বাবে গোটেই ৰহস্য উদ্ঘাটন কৰা জৰুৰী।ধনৰ বিনিময়ত চাকৰি লেন-দেন হৈছে নেকি সমগ্ৰ তদন্তত স্পষ্ট হ’ব বুলিও মহন্তই কয়।গ্ৰেপ্তাৰ কৰা ৩৬জনৰ বিৰুদ্ধে কিছু তথ্য-প্ৰমাণ লাভ কৰা বুলি গুৰুত্বপূৰ্ণ মন্তৱ্য কৰে যুটীয়া আৰক্ষী আয়ুক্ত মহন্তই।তাৰ বাবে এই ৩৬জনৰ বিৰুদ্ধে তদন্ত আগবঢ়াই নিব লাগিব।
"ফলাফল আগতীয়াকৈ প্ৰাৰ্থীয়ে গম পাইছে নেকি তাৰো হ'ব তদন্ত।১১৫গৰাকীৰ মাজৰ পৰা ৩৬জনক গ্ৰেপ্তাৰ কৰা মানে আমি তদন্ত আগবঢ়াইছো।তদন্তত তথ্য প্ৰমাণ পোৱা বাবেহে গ্ৰেপ্তাৰ কৰা "বুলি পানবজাৰ যান-বাহন আৰক্ষী কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি মহন্তই কয়।
- Log in to post comments
- 18 views