
নিউজ ডেস্ক:
ৰাজ্য কপোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ কেলেংকাৰী গোচৰৰ চার্জ ফ্ৰেম আদালতৰ।৬৭জন অভিযুক্ত আমোলা-বিষয়াৰ বিৰুদ্ধে চার্জ ফ্ৰেম বিশেষ ন্যায়াধীশ আদালতৰ।উল্লেখ্য যে , ডিব্ৰুগড় আৰক্ষী থানাৰ গোচৰটোত দুই অভিযুক্ত অধিবক্তা শৈলেন শইকীয়া আৰু ব্যৱসায়ী সুৰজিত চৌধুৰীক আদালতে দোষমুক্ত ঘোষণা কৰিছে।গুৰুত্বপূৰ্ণ কথা যে ২০১৩বর্ষত ৰাকেশ পাল আৰু কোম্পানীৰ পৰা ধনৰ বিনিময়ত এপিএছচি চাকৰি ক্ৰয়ৰ গুৰুতৰ অভিযোগ আছে এইসকল বিষয়া আমোলাৰ বিৰুদ্ধে।তাৎপৰ্যপূৰ্ণ কথা যে চার্জ ফ্ৰেম কৰা মুঠ অভিযুক্তৰ ৬০গৰাকীয়ে এ চি এছ, এপিএছ আৰু অন্যান্য সেৱাৰ বিষয়া।বাকী ৭গৰাকী অসম লোকসেৱা আয়োগৰ সদস্য-কৰ্মচাৰী।
আনহাতে গোচৰটোত বর্তমানেও পলাতক হৈ থকা দুৰ্নীতি সদাগৰ ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পাল আৰু ব্যক্তিগত সহায়ক সুদীপ দাসক বিশেষ ন্যায়াধীশৰ আদালতে পলাতক ঘোষণা কৰে।কিছুদিন পূৰ্বে গোচৰটোৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন অসম চৰকাৰৰ গৃহবিভাগে তদন্ত কমিটিৰ পৰা গ্ৰহণ কৰিছিল।অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিয়ে অভিযুক্তৰ বিৰুদ্ধে তথ্য প্ৰমাণ লাভ কৰা বুলিও অৱগত কৰিছে ৷
- Log in to post comments
- 23 views