
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ জনাঞ্চলত বাঘৰ মুক্ত বিচৰণ।পাণ্ডু লক' কলনীত পুৱাৰে পৰা সন্ত্ৰাস এটা প্ৰকাণ্ড নাহৰফুটুকীৰ।নাহৰফুটুকীটোৰ আক্ৰমণত মঞ্জু ভট্টাচাৰ্য্য নামৰ এগৰাকী বৃদ্ধা গুৰুতৰভাৱে আহত হয়।আহত মহিলা গৰাকীক বর্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে।উল্লেখ্য যে , পুৱাৰ ভাগৰ পৰা বাঘটো এজোপা গছৰ ওপৰত উঠি আছে অঞ্চলটোত।
ইফালে ঘটনাস্থলীত বন বিভাগ, চিকিৎসক, আৰক্ষী, অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ ট্ৰেংকুলাইজ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।গুৰুত্বপূৰ্ণ কথা এই যে
,বাঘটো ট্ৰেংকুলাইজ কৰাৰ বাবে যথেষ্ট প্ৰত্যাহ্বান থকা বুলিও বন বিভাগ তথা চিকিৎসকৰ দলে অৱগত কৰিছে। পুৱাৰ ভাগত পাণ্ডু লক’ কলনীৰ এটা ৰেলৱে কোৱাটাৰত বাঘটো সোমাই থকাৰ সন্দেহ কৰা হৈছিল ।ইফালে প্ৰশাসনে অঞ্চলটোত থকা বিদ্যালয় সমূহ অৰ্ধ ছুটি ঘোষণা কৰিছে।জনসাধাৰণক ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আহ্বান জনাইছে।
- Log in to post comments
- 9 views