গুৱাহাটীত উৰণীয়া সেঁতুৰ ওপৰত বাগৰিল গাড়ী

A

নিউজ ডেস্ক:

ৰঙালী বিহুৰ আনন্দৰ মাজতে নিশা পুনৰ মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা।গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰতে  নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল এল্ট কে-১০।চালকে টেটুলৈ সুৰাপান কৰি গাড়ী চলোৱাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা।দূর্ঘটনাগ্রস্ত বাহনখনৰ নম্বৰ AS13L2577।
ইফালে দূর্ঘটনা সংঘটিত বাহনৰ ভিতৰত সুৰাৰ বহুকেইটা বটল উদ্ধাৰ কৰা হয়।তাৎপৰ্যপূৰ্ণ কথা এই যে ,পৰিবহন বিভাগ তথা আৰক্ষীয়ে সুৰাপায়ী চালকৰ বিৰূদ্ধে সময়ে সময়ে  কঠোৰ হোৱাৰ কথা কৈ আহিছে যদিও নিশা হলেই মহানগৰীত বৃদ্ধি পাই সুৰাপায়ী চালকৰ অতপালি।

Your Comments