অসম আৰক্ষীৰ ৯০১৭টা পদৰ লিখিত পৰীক্ষা ঘোষণাৰ দাবীত গুৱাহাটীত প্ৰাৰ্থীৰ প্ৰতিবাদ

A

B

নিউজ ডেস্ক:

অসম আৰক্ষীৰ এবি, ইউবি কনিষ্টবলৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দাবীৰে গুৱাহাটীত প্ৰতিবাদ।লিখিত পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীয়ে উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সমীপত সাব্যস্ত কৰে প্ৰতিবাদ।উল্লেখ্য যে, কনিষ্টবলকে ধৰি অসম আৰক্ষীৰ বহুকেইটা শাখাত মুঠ ৯০১৭টা পদৰ বাবে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীয়ে যোৱা ২০ফেব্ৰুৱাৰীত লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।লিখিত পৰীক্ষাৰ ফলাফল প্ৰায় দুমাহে ঘোষণা নকৰাৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ।তাৎপৰ্যপূৰ্ণ কথা এই যে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱা পদসমূহ ২০১৭-১৮বৰ্ষত মুকলি কৰা হৈছিল।আনহাতে উক্ত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাকৈ পুনৰ একাংশ কনিষ্টবল পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম চৰকাৰৰ গৃহ বিভাগ।
পৰীক্ষাৰ ফলাফল নিদিয়াকৈ আকৌ পৰীক্ষা পতাৰ যো- জা গৃহ বিভাগৰ।তাতে খৰ্গহস্ত হৈ ৰাজপথলৈ ওলাই আহিছে প্ৰাৰ্থীসকল।তেওঁলোকৰ অভিযোগ ফলাফল ঘোষণা যিমানে পলম হ'ব সিমানে দুৰ্নীতি সংঘটিত হোৱাৰ সম্ভাৱনা থাকে ৷গতিকে ফলাফল শীঘ্ৰে ঘোষণা কৰিব লাগে।
প্ৰাৰ্থীসকলে তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰে।অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত তেঁওলোকে প্ৰতিবাদ কৰাৰ বাবে আহিছিল যদিও আগ বাটতে বাধা প্ৰদান কৰে আৰক্ষীয়ে।প্ৰতিবাদী সকলক আৰক্ষীয়ে আটক কৰি পানবজাৰ আৰক্ষীৰ থানালৈ নিয়ে।তাতো তেওঁলোকৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।
তাৎপৰ্যপূৰ্ণ কথা এই যে  উক্ত লিখিত পৰীক্ষাৰ বাবে শাৰীৰিক পৰীক্ষাৰ ফলাফল প্রকাশ কৰোতেও বিসংগতি হৈছিল।বহুতো যোগ্য প্ৰাৰ্থী লিখিত পৰীক্ষাৰ তালিকাৰ পৰা বঞ্চিত হৈছিল।পৰৱৰ্তী সময়ত ডি জি পি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৰূপায়ন কৰাত পুনৰ সংশোধনীৰ তালিকা প্রকাশ কৰিছিল অসম আৰক্ষীয়ে।

Your Comments