
নিউজ ডেস্ক:
গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰত অনুষ্ঠিত ৭১সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ অন্যতম আকৰ্ষণ বিহু সম্ৰাজ্ঞীৰ ফলাফল ঘোষণা।দেওবাৰে নিশা অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত বিহু সম্ৰাজ্ঞীৰ খিতাপ দখল কৰে শিৱসাগৰৰ জীয়ৰী শতাব্দী কলিতাই।উল্লেখ্য যে চূড়ান্ত প্ৰতিযোগিতাত মুঠ ৫গৰাকী অৱতীৰ্ণ হৈছিল।বিহু সম্ৰাজ্ঞী খিতাপত আছে নগদ ১লাখ টকা, ১০গ্ৰাম সোণ, ফ্ৰীজ আৰু ৪দিন গোৱা ভ্ৰমনৰ বিশেষ সুবিধা।
ইফালে এই বৰ্ষৰ বিহু সন্মিলনীখনৰ শ্ৰেষ্ঠ পেপুৱা সন্মান লাভ কৰে দেৱজিৎ তামুলীয়ে।বঁটাত আছে ১০হেজাৰ টকা আৰু এটা চলন্ত ট্ৰফী।শ্ৰেষ্ঠ ঢুলীয়া সন্মান লাভ কৰে নয়ন জ্যোতি বৰাই।বঁটাত আছে নগদ ধন ১০ হেজাৰ আৰু এটা ট্ৰফী।
তাৎপৰ্যপূৰ্ণ কথা এই যে ফলাফল যাতে স্বচ্ছ আৰু নিকা হয় তাৰ বাবে মঞ্চতে বহি বিচাৰকে ফলাফল গণনা কৰে ৷
আনহাতে লতাশিল শ্ৰেষ্ঠ বিহুৰাণী সন্মান লাভ কৰে মৰাণৰ জীয়ৰী নিমিষা দিহিঙীয়াই।বিহুকুঁৱৰী সন্মান লাভ কৰিছে ধেমাজিৰ জীয়ৰী প্ৰীতিৰাণী বৰগোহাঁয়ে।
- Log in to post comments
- 36 views