দৰঙৰ দেওমৰনৈত "মৃত্যুঞ্জয় ন্যাস অসম"ৰ শুভ উদ্বোধনী

A

 

নিউজ ডেস্ক:
যোৱা ১৭ এপ্ৰিল ৰবিবাৰে দৰঙৰ দেওমৰনৈত "মৃত্যুঞ্জয় ন্যাস অসম" নামেৰে এটি ন্যাস আনুষ্ঠানিক ভাৱে ৰাইজৰ মাজত মুকলি কৰা হয় ৷ অসমৰ ৩৫ খন জিলাক সামৰি  গঠিত হোৱা মৃত্যুঞ্জয় ন্যাসৰ মুখ্য উদ্দেশ্য হৈছে  'অসমৰ ৫ লক্ষাধিক মানুহ একগোট হোৱা আৰু  দুৰ্ভগীয়া লোকসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা৷' উল্লেখ্য যে ,ন্যাসটোৰ অধ্যক্ষ নিৰঞ্জন শইকীয়া, মুখ্য সম্পাদক মৃদুল কলিতাৰ নেতৃত্বত ৫০০১ গৰাকী নাচনীৰ উপস্থিতিৰে মৃত্যুঞ্জয় ন্যাসৰ শুভ উদ্বোধনী  অনুষ্ঠানত মঙলদৈৰ সাংসদ দিলীপ শইকীয়া,বোলছবি প্ৰযোজক গৰিমা শইকীয়া গাৰ্গ, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যেতি দাস, সদৌ অসম ছাত্ৰ সন্থাৰ বিত্তীয় সম্পাদক খনিন্দ্ৰ ৰাজবংশী, সদৌ অসম বাৰ্তাজীৱী সংঘৰ প্ৰধান সম্পাদক মুকুট ৰাজ শৰ্মা সমন্বিতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Your Comments