জিএমচিএইচৰ পৰা সন্ধানহীন ৭মহীয়া শিশুটিৰ বিগত পাঁচদিনে নাই কোনো সন্ধান

A

নিউজ ডেস্ক:

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিশু ৱাৰ্ডৰ পৰা নিখোজ হোৱা ৭মহীয়া শিশুটি আজি পৰ্যন্ত ক’ত আছে নাই কোনো শুং-সূত্ৰ।শিশুটিক এগৰাকী মহিলাই লৈ যোৱাৰ দৃশ্য হাস্পতালৰ চিচিটিভি কেমেৰাত বন্দী হোৱাৰ পাছতো বিগত পাঁচদিনে ধৃত মহিলা গৰাকীৰ কোনো সম্ভেদে লাভ কৰিব পৰা নাই গুৱাহাটী স্মাৰ্ট আৰক্ষীয়ে।উল্লেখ্য যে ১৩এপ্ৰিলৰ কাহিলিপুৱাৰ পৰা  নিৰুদ্দেশ হৈ আছে শিশুটি।জটিল ৰোগত আক্রান্ত শিশুটি চিকিৎসাধীন হৈ আছিল জিএমচিএইচত।
পিতৃ-মাতৃৰ কোলাৰ পৰা এগৰাকী মহিলাই শিশুটিক নিচুকোৱাৰ চলেৰে লৈ বিগত ৫দিনে অন্তৰ্ধান হৈ আছে ।শিশুটি শিশু চুৰি চক্ৰৰ কৱলত পৰাৰো আশংকা কৰা হৈছে।বৃক্ক ৰোগত আক্রান্ত শিশুটিক যোৱা ২৪মাৰ্চত ভৰ্তি কৰোৱা হৈছিল চিকিৎসা মহাবিদ্যালয়খনত।শিশু ৱাৰ্ডত চিকিৎসাধীন হৈ থকা শিশুটিৰ ঘৰ কামৰূপৰ হাজো কলিতাকুছিত।নৱ কলিতা আৰু বিজুমণি দাসৰ ৭মহীয়া সন্তানটোৰ  নাম প্ৰিয়ম কলিতা।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,যোৱা মঙলবাৰে নিশা শিশুটিয়ে কিছু আমনি কৰিছিল।মাতৃয়ে নিশা পিতৃৰ লগত শিশুটি ৰাখি টোপনি গৈছিল।পিতৃয়ে নিশাটো শিশুটিক চোৱা-চিতা কৰি পুৱতি নিশা শিশুটিয়ে পুনৰ আমনি কৰাত তাতে থকা এগৰাকী মহিলাক দিছিল।মহিলা গৰাকীৰ কোলাতে শিশুটিক ৰাখি পুৱা ৪.৩০বজাত পিতৃ টোপনি যায়।পুৱা ৫.৩০বজাত পিতৃ-মাতৃ টোপনিৰ পৰা উঠি দেখে শিশুটিৰ সৈতে মহিলা গৰাকী নাই।মহিলা গৰাকীৰ সৈতে শিশুটি ৱাৰ্ডত নাইকিয়া হোৱাত চিকিৎসালয় কৰ্তৃপক্ষক পিতৃ মাতৃয়ে অৱগত কৰে।ইফালে ঘটনা সন্দৰ্ভত জি এম চি এইচ কৰ্তৃপক্ষই ভঙাগড় আৰক্ষী থানাত দাখিল কৰে এজাহাৰ।মুখত মাস্ক পৰিহিত মহিলা এগৰাকীয়ে  শিশুটিক লৈ চিকিৎসালয়খনৰ পৰা ওলাই যোৱা দৃশ্য ইতিমধ্যে আৰক্ষীয়ে চিচি কেমেৰাৰ পৰা সংগ্ৰহ কৰিছে।

Your Comments