মৰমৰ ৰীমা মই গুচি আহিলোঁ; অন্ত:সত্ত্বা পত্নীক এৰি আলফালৈ যুৱ কংগ্ৰেছী জনাৰ্দন গগৈ

A

নিউজ ডেস্ক:

সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা(স্বা)লৈ আৰু এজন অসমীয়া।ৰাজনৈতিক নেতা জনাৰ্দন গগৈয়ে যোগদান কৰিলে আলফাত।অন্ত:সত্ত্বা পত্নী আৰু কনমানি কন্যা  সন্তানক এৰি আলফালৈ তিনিচুকীয়াৰ যুৱ কংগ্ৰেছৰ উপ-সভাপতি গগৈ।আলফাত যোগদান কৰাৰ কথা ফেচবুকৰ জৰিয়তে প্রকাশ কৰিছে কংগ্ৰেছ নেতা গৰাকীয়ে।
সামাজিক মাধ্যমত যুৱ কংগ্ৰেছী গৰাকীয়ে নিজ পত্নীক উদ্দেশ্য কৰি কয় যে - “মৰমৰ ৰীমা মই গুচি আহিলোঁ।এচাম মানুহে অসমীয়া জাতিটোৰ অস্তিত্ব নিঃশেষ কৰিবলৈ যত্ন কৰি আছে।জাতিটোৰ নামত দালালি কৰা সকলো ৰাজনৈতিক বা তথাকথিত জাতীয় দল সংগঠনৰ চৰিত্ৰবোৰ দেখিলো।আমাৰ মানুহবোৰ নিজ মাতৃভূমিতে অসহায় হৈ পৰিছে।এনেকৈ চকুৰ আগতে জাতিটো তিল তিলকৈ ধ্বংস হোৱাটো মই চাই থাকিব নোৱাৰো।

ইয়াৰ উপৰিও তেওঁ পোষ্টটোত লিখিছে-বছৰ বছৰ ধৰি নিজ মাটিতে প্ৰতাৰণা আৰু শোষণৰ বলি হোৱা সহজ সৰল আপোন মানুহখিনিৰ দুখ-যন্ত্রনাখিনি দেখি বুজি হাত সাৱটি বহি থাকিব নোৱাৰিলো।কাৰণ পূর্বৰ পুৰুষ সকলে আমাক বীৰ জাতিৰ সন্তান হিচাপে পৰিচয় দি গৈছে।জাতিৰ এই দুৰ্দিনৰ সময়ত আমি হাত সাৱটি বহি থাকিলে পূৰ্ব পুৰুষৰ আত্মাই শান্তি নাপাব।

আনহাতে চৰকাৰক সমালোচনা কৰি তেওঁ কয়- এই গণতন্ত্ৰ নামধাৰী চৰকাৰখনে সাধাৰণ ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক কেতিয়াও গুৰুত্ব নিদিয়ে।জাতি অস্তিত্ব ৰক্ষাৰ বাবে, জাতিৰ হেৰুৱা স্বাধীনতা আৰু স্বাভিমান ঘূৰাই অনা বাবে সশস্ত্ৰ সংগ্রামৰ বিকল্প নাই।
তাৎপৰ্যপূৰ্ণ কথা যে শেহতীয়াকৈ  ৰাজ্যখনৰ বহুতো যুৱক-যুৱতী আলফা(স্বা)ত যোগদান কৰিছে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইয়ো যুৱক-যুৱতী আলফা(স্বা)লৈ ধাৱমান হোৱাটো উদ্বেগৰ কথা বুলি দুদিন পূৰ্বে মন্তৱ্য কৰিছে।

Your Comments