
নিউজ ডেস্ক:
ৰঙালীৰ আনন্দৰ মাজতে এক মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে গহপুৰৰ টকৌবাৰী ৰঙাজান।হুঁচৰি গাবলৈ যোৱা এটা বিহুদলৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে ৫গৰাকী বিহুৱা-বিহুৱতীয়ে।AS 25 DC 7418 নম্বৰৰ এখন বলেৰ' পিকআপ গাড়ীৰে হুঁচৰি গাবলৈ গৈছিল প্ৰায় ২০জনীয়া দলটো৷
ভয়াৱহ দুৰ্ঘটনাত মৃত্যু হৈছে তিনিগৰাকী যুৱতী ক্ৰমে আৰু দুজন যুৱকৰ।নিহত যুৱতী ক্ৰমে ৰাধিকা দৈমাৰী, বুদ্ধিমতি বড়ো আৰু বৰ্ণালী বড়ো।আনহাতে দুৰ্ঘটনাত মৃত্যুক আকোৱালি লোৱা দুই যুৱক ক্ৰমে সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী ৷
উল্লেখ্য যে , দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈছে বিহুদলটোৰ আন পাঁচগৰাকী সদস্য।আটাইকেইজনৰ ঘৰ উত্তৰ কাৰিবিল আৰু পুৰণি গেৰেজ গাঁৱত।
- Log in to post comments
- 10 views