
নিউজ ডেস্ক:
ৰঙালীৰ আনন্দৰ মাজতেই বৰপেটাত গ্ৰেপ্তাৰ ছয় জেহাদী সন্ত্ৰাসবাদী।সৰুক্ষেত্ৰীৰ এখন মাদ্ৰাছাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সন্ত্ৰাসবাদী কেইটাক।উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা অভিযুক্ত জেহাদী কেইটা সৰ্থেবাৰীৰ ক্ষুদ্ৰ ফালাদি গাঁৱৰ মুফটি চুলেমান আলী, হাউলিৰ খন্দকাপাৰাৰ জাহিদুল ইছলাম, হাউলি কুমলীপাৰাৰ চাদ্দাম হুছেইন, ধানবান্ধৰ গৰৈমাৰী পথাৰৰ ৰছিদুল ইছলাম ওৰফে হক, কাটাঝাৰ জামাতলৰ মোচাৰফ হুছেইন আৰু মকিবুল হুছেইন।
ইফালে আদালতে ৬অভিযুক্ত জেহাদীক ৬দিনৰ বাবে বৰপেটা আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।উল্লেখ্য যে বৰপেটা আৰক্ষী যোৱা মাহত গ্ৰেপ্তাৰ কৰা জেহাদীৰ সৈতে সংযোগ থকাৰ অভিযোগ আটাইকেইজনৰ ।“জেহাদী কাৰ্যত অন্যসকলক আকৰ্ষিত কৰাৰ বাবে চেষ্টা কৰি আহিছিল।অভিযুক্তকেইটাৰ পৰা ১৫টা মোবাইল, ২০খন চিম কাৰ্ড পোৱাৰ লগতে বিভিন্ন ভাষাত লিখা কিছু সাহিত্য উদ্ধাৰ কৰা হৈছে।সেইসমূহ পৰীক্ষা চলাই থকা বুলি আৰক্ষীয়ে মত প্ৰকাশ কৰে ৷
- Log in to post comments
- 21 views