
তপন বৰগোঁহাই:-
অসমৰ চৰকাৰী বিদ্যালয়সমূহত উদ্বেগজনক ভাৱে ছাত্র-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে।মুখ্যমন্ত্ৰীয়ে নিজৰে ব্যৰ্থতা বুলি পোনপটীয়াকৈ নকলেও আওপকীয়াকৈ উপলব্ধি কৰিছে।যদিওবা উপলব্ধিৰ সময় কিছু পলম হৈছে তথাপিও চৰকাৰী বিদ্যালয়লৈ আকৌ ভাল দিন ঘূৰাই আনিব পৰা সময়ো আছে।মুখ্যমন্ত্ৰীয়ে কোৱা মতে২০১২-১৪চনত প্ৰায় ৮২-৮৪শতাংশ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ত পঢ়িছিল।সেই সময়চোৱাত প্ৰায় ৫৩হাজাৰ শিক্ষক নিযুক্তি দিছিল চৰকাৰে।কিন্তু শিক্ষক নিযুক্তিৰ পাছতে ক্ৰমাৎ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস হৈ বৰ্তমান ৬৮শতাংশ হৈছেগৈ। সাধাৰণ দৃষ্টিত চালে শিক্ষকেই ইয়াৰ বাবে মূলত দায়ী তেনে লাগে আৰু লগাটো স্বাভাৱিক।তাতে মুখ্যমন্ত্ৰীয়ে কৈছে আমি নদাই-ভদাই মানি লোৱাত দোষ নাই।কিন্তু বাস্তৱ সত্য সেয়া হয় জানো!দিল্লীৰ দৰে ঠাইত য’ত বহু ধনৱন্ত ব্যক্তিয়ে(অসমৰ তুলনাত) বসবাস কৰে সেই ঠাইৰে চৰকাৰী বিদ্যালয়ত যিসময়ত শিক্ষাৰ্থী বৃদ্ধি হৈছে তেনে সময়ত অসমৰ দৰে এখন কৃষিপ্ৰধান ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী গতানুগতিকভাৱে হ্ৰাস পোৱা কথাটোৱে শিক্ষকসকলতকৈ প্ৰথমে দায়ী কৰে শিক্ষা বিভাগ তথা চৰকাৰখনক।কাৰণ শিক্ষক নিযুক্তিতেই চৰকাৰ বা বিভাগৰ দায়িত্ব শেষ নহয়।প্ৰকৃতাৰ্থত এই চৰকাৰী বিদ্যালয়লৈ শিক্ষাৰ্থী, অভিভাৱকক আকৃষ্ট কৰিব পৰা নীতি গ্ৰহণ কৰিব পাৰিব লাগিব চৰকাৰে।অপ্ৰিয় সত্য আজি চৰকাৰী যিকোনো কামত প্ৰথমেই নিয়োজিত হ’ব লগা হয় চৰকাৰী বিদ্যালয়ৰ শিক্ষক।যাৰ বাবে বহু শিক্ষকে মাহৰ পাছত মাহ ধৰি পাঠদান কৰিবই নোৱাৰে।তেনে স্থলত কিদৰে উন্নত হ’ব ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড।একেদৰে দুপৰীয়া ভাত খোৱা পৰ্বয়ো হ্রাস কৰিছে শিক্ষাৰ্থী।চৰকাৰে দুপৰীয়া ছাত্ৰ-ছাত্ৰীক লঘু আহাৰ দিয়ক কিন্তু তাৰ ঠাইত ভাত হ’ব নোৱাৰে।বহু অভিভাৱকে ভাত খোৱা বিদ্যালয় বুলিয়েই নিজ সন্তানক আজি চৰকাৰী বিদ্যালয়ত নপঠিয়ায়।ইয়াৰ উপৰিও যেতিয়া চৰকাৰী বিদ্যালয়ত কেৱল দৰিদ্ৰ ঘৰৰ সন্তানৰ বাহিৰে মন্ত্ৰী- বিধায়ক,আমোলা-বিষয়া, শিক্ষক-শিক্ষয়িত্ৰীৰ সন্তানে পঢ়িবলৈ লব তেতিয়াই স্বতঃফুৰ্তভাৱে ভাল হ'ব অসমৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থা।কোনো অভিভাৱকে বৰ্তমান প্ৰতিযোগিতাৰ সমাজত নিজ সন্তানক উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত কৰিব নিবিচাৰে।অভিভাৱকে কেনেকৈ চৰকাৰী বিদ্যালয়ত ভাল শিক্ষা দিয়ে বুলি বিশ্বাস কৰিব কাৰণ অধিকাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজ সন্তানক আজি চৰকাৰী বিদ্যালয়ত পঢ়িবলৈ নিদিয়ে।বাকী আজিৰ মুখ্যমন্ত্ৰী বিগত প্ৰায় এটা দশক ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ গুৰু দায়িত্বত আছিল।ভৱিষ্যতে এই ব্যৰ্থতাৰ দাগ যাতে নিজৰ গাত নালাগে তাৰ বাবে আগন্তুক ১০বছৰৰ কথা এতিয়াই কৈ থৈছে।
- Log in to post comments
- 20 views