
নিউজ ডেস্ক:
ৰঙালী বিহুৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্বেগজনক ভৱিষ্যতবাণী।অনাগত দহ বছৰত ৰাজ্যৰ চৰকাৰীখণ্ডৰ শিক্ষানুষ্ঠানত নাথাকিব ছাত্ৰ-ছাত্ৰী।তেনে প্ৰেক্ষাপটত কৰ্মৰত শিক্ষকসকলে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিব লাগিব।কাৰ্বি আংলঙৰ ডিফুত ৮৮৪ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰি এই মন্তব্য শৰ্মাৰ।
চৰকাৰী বিদ্যালয়ত যিটো হাৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে এনেদৰে কমিলে পৰৱৰ্তী ১০বছৰত অসমৰ শিক্ষকসকলক স্বেচ্ছামূলক অৱসৰত পঠাব লাগিব।ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয় একত্ৰীকৰণৰ পাছতো যদি ছাত্ৰ-ছাত্ৰী নাথাকে তেন্তে শেষ পৰিণতি কি হ’ব পাৰে।গুৱাহাটী মহানগৰীত চৰকাৰী বিদ্যালয় প্ৰায়কেইখন বন্ধ কৰি দিব পাৰি।ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সাংঘাতিক ভাৱে কমি আহিছে"- উদ্বেগেৰে শৰ্মাই কয়।উল্লেখ্য যে ২০১২- ২০১৪চনৰ ভিতৰত ৰাজ্যত প্ৰায় ৫৩হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছিল।২০১২চনত চৰকাৰী বিদ্যালয়ত ৮২-৮৪শতাংশ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছিল।কিন্তু সেই সংখ্যা হ্রাস পাই বৰ্তমান ৬৮শতাংশলৈ গতি কৰিছে।শিক্ষক নিযুক্তি হৈছে কিন্তু চৰকাৰী বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি গৈ আছে- লগতে তেওঁ কয়।
আনহাতে চৰকাৰী বিদ্যালয়ৰ এই দুৰৱস্থাৰ বাবে দায়ী শিক্ষকসকল।শিক্ষকে নিজৰ দায়িত্ব পাহৰা বাবে এনে অৱস্থালৈ গতি কৰিছে।শিক্ষকে দৰমহাৰ বৃদ্ধিকে ধৰি বিভিন্ন সুবিধা বিচাৰি প্ৰতিবাদ কৰিছে কিন্তু বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী কমি গৈ আছে।ইয়াৰ বাবে চৰকাৰক দায়ী কৰিলে নহব - মুখ্যমন্ত্ৰীয়ে কয়।
- Log in to post comments
- 35 views