ভানুকে ধৰি ৭গৰাকী বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিলৈ 'শূন্য সহনশীলতা বঁটা-২০১৮'

ভানুকে ধৰি ৭গৰাকী বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিলৈ 'শূন্য সহনশীলতা বঁটা-২০১৮'

আজি গুৱাহাটী প্ৰেছ ক্লাবত দুৰ্নীতিবিৰোধী যুৱশক্তি, অসমে প্ৰথমবাৰৰ বাবে 'শূন্য সহনশীলত বঁটা-২০১৮' ঘোষণা কৰে ।

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতিবিৰোধী স্থিতি আৰু আহ্বানৰ প্ৰতি সন্মান জনাই দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে আপোচবিহীনভাবে কৰ্ম সম্পাদন কৰা ৰাজ্যৰ ৭গৰাকী বিশেষ সন্মানীয় ব্যক্তিক এই বর্ষৰ 'শূন্য সহনশীলত বঁটা' প্ৰদান কৰাৰ বাবে নিৰ্বাচিত কৰে ।

অসম চৰকাৰৰ বিভিন্ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে । ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত দুৰ্নীতিবিৰোধী আইনৰ ধাৰা-৭ গ্ৰহণ কৰাত মুখ্য ভূমিকা লোৱা বাবে ভানুক এই বঁটাৰ বা বেনিৰ্বাচন কৰা হয় ।

একেদৰে দুৰ্নীতিবিৰোধী আইনৰ ধাৰা-৭ৰ সম্পূৰ্ণ নীতি-নির্দেশনা প্ৰস্তুত কৰাৰ বাবে ৰে'লৱে' আৰক্ষীৰ  সঞ্চালক প্ৰধান আৰ চন্দ্ৰনাথনকো নিৰ্বাচিত কৰা হৈছে এই বঁটাৰ বাবে ।

তেনেদৰে বিভিন্ন সময়ত বিভিন্ন বিভাগৰ দুৰ্নীতি তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আনি চৰকাৰক সকলো সময়তে সহায় কৰি অহা বাবে আৰ টি আই কর্মী দুলাল বৰাক নিৰ্বাচিত কৰা হৈছে এই বঁটাৰ বাবে ।

ইফালে সংবাদ সেৱাৰ লগত জড়িত হৈ বিভিন্ন সময়ত দুৰ্নীতি, অনিয়ম, চৰকাৰৰ ভেজাল ঔষধৰ বাতৰি সাহস আৰু নিৰ্ভীকভাৱে সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজলৈ লৈ অহা বাবে অসমীয়া প্ৰতিদিন কাকতৰ উজনি অসমৰ জ্যেষ্ঠ সাংবাদিক কবিৰ শইকীয়া, আমাৰ অসম কাকতৰ মহিলা সাংবাদিক নিপা কাকতি, ইলেকট্ৰ'নিক মাধ্যম প্ৰাগ নিউজৰ সাংবাদিক বিতোপন বৰা আৰু নিউজ ১৮ অসম নৰ্থ-ইষ্টৰ বলেন ভট্টাচাৰ্যক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

ইফালে আজি ঘোষণা কৰা এই বঁটাসমূহ বিশ্ব দুৰ্নীতিবিৰোধী দিৱসৰ লগত সংগতি ৰাখি অহা ৮ আৰু ৯ ডিচেম্বৰ তাৰিখৰ দিনা লখিমপুৰত প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে দুৰ্নীতিবিৰোধী যুৱশক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈ আৰু সাংগঠনিক সম্পাদক দেৱানন্দ ফুকনে ।

এই বঁটাত আছে নগদ ১০,০০০.০০ টকা, এখন সম্বৰ্ধনা-পত্ৰ, এখন সঁফুৰা, গামোচা, চেলেং, জাপি আৰু এখন তাম্ৰপত্ৰ ।

Your Comments