
নিউজ ডেস্ক:
গুৱাহাটী খাৰঘুলি ৰঙালী বিহু সন্মিলনত আজি শিল্পী অংগৰাগ পাপন মহন্তৰ সংগীতানুষ্ঠান।যোৱা বছৰ মাত্ৰ এখন বিহুত অনুষ্ঠান কৰিছিল শিল্পী গৰাকীয়ে।ইফালে সুদীৰ্ঘ ৭বছৰৰ মূৰত ৰঙালী বিহুত অনুষ্ঠান পৰিৱেশন কৰিব পাপনে।উল্লেখ্য যে ,পাপনে এইবাৰ কেৱল এপ্ৰিল মাহটোহে বিহু অনুষ্ঠান পৰিৱেশন কৰিব বুলি অৱগত কৰিছে।“মে' মাহত প্ৰগেম আহিছে যদিও নকৰিম চাগে ৷ অনুষ্ঠান নকৰিলে মনটো ভাল নালাগে সেই বাবেহে কৰা হৈছে।বাদ্যযন্ত্ৰী সকল অসমৰ বাহিৰৰ পৰা আহিব লগা হোৱা বাবেই সময় নিমিলেগৈ।কিন্তু বাদ্যযন্ত্ৰীসকলো অসমীয়া; তাৰ বাবে এপ্ৰিল মাহটোত কিবাকৈ মিলাইছো ”বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ।আনহাতে বিগত এসপ্তাহত ৮টাকৈ গান মুক্তি পাইছে পাপনৰ।
উল্লেখ্য যে খাৰঘুলি ৰঙালী বিহু সন্মিলনত বৃহস্পতি বাৰে অনুষ্ঠান পৰিৱেশ কৰে শিল্পী জুবিন গাৰ্গে।
- Log in to post comments
- 13 views