অসমীয়াৰ ৰঙালী বিহুৰ আজি প্ৰথম দিন; উলহ-মালহেৰে ৰাজ্যজুৰি গৰু বিহু উদযাপন

A

নিউজ ডেস্ক:

অসমীয়াৰ হেঁপাহৰ বাপতিসাহোন ৰঙালী বিহুৰ আজি পৰম্পৰাগত গৰু বিহু।ৰাজ্যৰ চৌদিশে চহা কৃষিজীৱি অসমীয়াই উলহ-মালহেৰে পালন কৰিছে গৰু বিহু।পুৱাই গৰুহাল মাহ-হালধিৰে নোৱাই-ধোৱাই বছৰটোলৈ কুশল কামনা কৰে কৃষিজীৱি ৰাইজে।উল্লেখ্য যে ,ৰঙালী বিহুৰ দোমাহীৰ দিনটোত উদযাপন কৰা হয় গৰু বিহু।
 'লাও খা বেঙেনা খা' বছৰে বছৰে বাঢ়ি যা, নদীৰ ঘাট বা পথাৰত গৰু ধুৱাই গৰুহালক এইদৰে আৰ্শীবাদ দিয়ে প্ৰতিজন কৃষকে।লোকবিশ্বাস অনুসৰি দীঘলতি পাত, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও বেঙেনা খুৱাই গৰুৰ ন শক্তি আৰু দীৰ্ঘায়ু কামনা কৰে।
গৰুবিহুতে অসমীয়া সমাজৰ সম্প্ৰীতিৰ এনাজৰীডালো ৰাইজৰ মাজত পৰিলক্ষিত হয়।গাঁও বা চুবুৰীটোৰ প্ৰতি ঘৰে মিলি একে ঠাইতে গৰুক গা ধুৱায়।
আনহাতে আজি অসমীয়াৰ পাকঘৰত ১০১বিধ শাকৰ ব্যঞ্জন ৰান্ধে।ডেকা-বুঢ়াসকলোৱে মিলি কণী যুজঁ কৰে।আকৌ আমৰলি পৰুৱা টোপ গাঁৱৰ হাবিৰ পৰা যোগাৰ কৰে।
ইফালে সন্ধিয়ালৈ গৰুক ন-পঘাৰে বান্ধিব।পদূলি মুখত জাগ দিব।পোক-পৰুৱা, মহ- দাহ যাতে নোহোৱা হয় তাৰ বাবে জাগ দিয়া নিয়ম।গৰুক সন্ধিয়া পিঠাও খুৱাব।

Your Comments