গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৭ মহীয়া শিশু নিৰুদ্দেশ

A

B

নিউজ ডেস্ক:
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৰহস্যজনক ঘটনা।চিকিৎসাধীন হৈ থকা ৭মহীয়া শিশু সন্ধানহীন।বৃক্কৰ ৰোগত আক্রান্ত শিশুটিক ২৪মাৰ্চত ভৰ্তি কৰোৱা হৈছিল চিকিৎসা মহাবিদ্যালয়খনত।বুধবাৰে পুৱা এই নিৰুদ্দেশ ঘটনাটো সংঘটিত হৈছে।
চিকিৎসালয়খনৰ শিশু ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল  হাজো, কলিতাকুছিৰ নৱ কলিতা আৰু বিজুমণি দাসৰ ৭ মহীয়া সন্তান প্ৰিয়ম কলিতা।মঙলবাৰে নিশা শিশুটিয়ে কিছু আমনি কৰিছিল।মাতৃয়ে নিশা পিতৃৰ লগত শিশুটি ৰাখি টোপনি গৈছিল।পিতৃয়ে নিশাটো শিশুটিক চোৱা-চিতা কৰি পুৱতি নিশা শিশুটিয়ে পুনৰ আমনি কৰাৰ বাবে তাতে থকা এগৰাকী মহিলাক দিছিল।মহিলা গৰাকীৰ কোলাতে শিশুটিক ৰাখি পুৱা ৪.৩০বজাত পিতৃ টোপনি যায়।পুৱা ৫.৩০বজাত পিতৃ-মাতৃ টোপনিৰ পৰা সাৰৰ পাই দেখে শিশুটিৰ সৈতে মহিলা গৰাকী নাই।মহিলা গৰাকীৰ সৈতে শিশুটি ৱাৰ্ডত নাইকিয়া হোৱাত চিকিৎসালয় কৰ্তৃপক্ষক ঘটনাটো অৱগত কৰে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷এই কথা জনাই জিএমচিএইচ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,মহিলা গৰাকী কোনো পৰিচিত নাছিল পিতৃ-মাতৃৰ সৈতে।
ইফালে ঘটনা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই ভঙাগড় আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।চিকিৎসালয়ৰ চিচিটিভি পৰীক্ষা কৰি মহিলা গৰাকীক চিনাক্ত কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা বুলিও শৰ্মাই লগতে কয়।
গুৰুত্বপূৰ্ণ কথা এই যে ৰোগাক্ৰান্ত শিশুটি সুস্থ হৈ উঠাত আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়াৰ কথা আছিল।কিন্তু তাৰ পূৰ্বে সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো।

Your Comments