
নিউজ ডেস্ক:
অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত গুৱাহাটী মহানগৰী।নিতৌ বৃদ্ধি ইটোৰ পিছত সিটো হত্যাকাণ্ডৰ ঘটনা।বিগত দুটাকৈ দিনত মহানগৰীত উদ্ধাৰ সাতটাকৈ মৃতদেহ।গুৱাহাটী স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি সংঘটিত অপৰাধজনিত ঘটনাই অধিক চিন্তিত কৰিছে মহানগৰ আৰক্ষীক।মঙলবাৰে গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিঙে এক সংবাদমেলত উদ্বেগ প্ৰকাশ কৰি কয় “মহানগৰীত বিগত দুটা দিনত সাতটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই আমাকো চিন্তিত কৰিছে।আটাইকেইটা ঘটনাৰ তদন্তত পোহৰলৈ আহিছে দুটা হত্যাকাণ্ডৰ বিপৰীতে বাকী পাঁচটা মৃতদেহ হত্যাকাণ্ড নহয় যদিও স্বাভাৱিক মৃত্যুও নহয়। ”
উল্লেখ্য যে মহানগৰীৰ তেতেলীয়াত দুৰ্বৃত্তই নৃশংস ভাৱে হত্যা কৰি থৈ যোৱা অজিত চেতিয়া নামৰ এমট্ৰ’নৰ গাননিক বিষয়া গৰাকীৰ মৃতদেহ দেওবাৰে নিজ বাসগৃহ উদ্ধাৰ হৈছিল।
আনহাতে সোমবাৰে পুৱা গুৱাহাটীৰ বামুনিমৈদাম বিজি কলনীৰ শিতলাবাড়ীত উদ্ধাৰ হৈছিল কাজল দাস নামৰ লোকজনৰ মৃতদেহ।দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিছিল দাসক।দুয়োটা হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰখা বুলি কয় আয়ুক্ত গৰাকীয়ে।ৰহস্যজনক কথা যে দুয়োটা ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ কোনো শুংসূত্ৰই লাভ কৰা স্মাৰ্ট মহানগৰ আৰক্ষীয়ে।
গুৱাহাটী আৰক্ষী আয়ুক্ত গৰাকীয়ে শীঘ্ৰে হত্যাকাৰী আৰক্ষীৰ জালত পৰিব বুলি সংবাদ মাধ্যমত আশ্বাস প্ৰদান কৰিছে।
ইফালে এমট্ৰ’নৰ বিষয়া গৰাকীৰ হত্যাৰ তদন্ত কৰাৰ বাবে কালি এমট্ৰ’নৰ কাৰ্যালয়ত বিভিন্ন জনক সোধ-পোচ কৰিছিল আৰক্ষীয়ে।একেদৰে কাজল দাসৰ হত্যাকাণ্ড অন্ধবিশ্বাসৰ বাবে হ’ব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।৬-৭জনক আটক কৰি সোধ পোচ অব্যাহত ৰখা বুলি লগতে তেওঁ কয়।
- Log in to post comments
- 15 views